মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণি

0 9

অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি আবেলি ৪ বজাত সামৰণি পৰে। উল্লেখযোগ্য যে ৰাজ্যিক নিৰ্বাচনী আয়োগে যোৱা ৩ নৱেম্বৰত দুয়োখন পাৰিষদীয় নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি কৰিছিল।
এইবাৰৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুঠ ১৭২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। নিৰ্বাচনত ৫৯৪০৫২ গৰাকী ভোটাৰে ৯৮৯টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।আনহাতে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ১১৯ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। এই নিৰ্বাচনত ১৫২২৫০ গৰাকী ভোটাৰে ৩১০টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে ভোটদান কৰিব।
দুয়োখন পৰিষদৰ নিৰ্বাচন সুকলমে, শান্তিপূৰ্ণ আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মুঠ ১,২৯৯টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে ৫,১৯৬ গৰাকী প্ৰিজাইডিং আৰু পোলিং বিষয়া নিয়োগ কৰা হৈছে। তদুপৰি, নিৰ্বাচনী প্ৰক্ৰিয়া তদাৰক কৰাৰ বাবে আয়োগে ইতিমধ্যে ৪৫ গৰাকী নিৰ্বাচনী পৰ্যবেক্ষক নিযুক্তি দিছে।

Leave A Reply

Your email address will not be published.