ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত উত্তৰ পূৰ্ব্বাঞ্চলৰ একমাত্ৰ মীন ভিত্তিক পৰিবেশানুকল পৰ্যটন কেন্দ্ৰ নগাঁওৰ জাছিংফাই আন আন বছৰৰ দৰে এইবেলিও ১৫ অক্টোবৰ তাৰিখে দিনজোৰা বিস্তৃত কাৰ্য্যসুচীৰে সপ্তম বাৰ্ষিক উত্তৰ পূৰ্ব্বাঞ্চলৰ বৰশী বোৱা উৎসৱ আয়োজন কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত ভীমতালৰ শীতল পানীৰ মৎস্য গৱেষণা সঞ্চালকালয়, বাঙ্গালোৰ পেলাজিক ট্ৰাইবছ WWF India গ্ৰাম্য উন্নয়ন সমিতি, অসম আৰু ৰাজ্যিক মীন বিভাগৰ সহযোগিতাত আয়োজিত এই উৎসৱৰ লগত ৰজিতা খুৱাই, মৎস্য আৰু প্ৰকৃতিৰ লগত মানৱ সৰ্ম্পক’ শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হ’ব। কৰ্মশালাত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কেইবাজনো সংশ্লিষ্ট বিষয়ক বিজ্ঞানীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে প্ৰখ্যাত আন্তজাৰ্তিক বৰশী বাওঁতা ডেৰেক ডি চুজাই বৰশী বাৱন আৰু সংৰক্ষণ সৰ্ম্পকীয় ব্যৱহাৰিক পাঠদান কৰাৰ লগতে আন্তজাৰ্তিক পৰ্য্যায়ৰ বিভিন্ন প্ৰাসংগিক আধুনিক সঁজুলি প্ৰদৰ্শন কৰিব। প্ৰতিযোগিতাৰ পঞ্জীয়ন মাচুল ১০০০ টকা আৰু বিভিন্ন শিতানত ট্ৰফী, নগদ ৪০,০০০ টকা, ৭৫,০০০ টকা মূল্যৰ সঁজুলি পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব। আন্তৰ্জাতিক বৰশী বাৱন প্ৰতিযোগিতাৰ বিধিসমূহ মানি চলিবলগীয়া প্ৰতিযোগিতাখনিৰ বৰ্ণাঢ্য সামৰণি অনুষ্ঠানত দেশ তথা ৰাজ্যৰ কেইবাজনো প্ৰতিথযশা শিল্পী, সাহিত্যিক, ৰাজনীতিবিদ, আমোলা , গৱেষক, নীতি নিৰ্দ্ধাৰকে অংশগ্ৰহণৰ সন্মতি প্ৰদান কৰিছে। ইচ্ছুক সকলে বিশদ বিৱৰণ আৰু তথ্যৰ বাবে জাছিংফাৰ মুখ্য পৰিচালন সঞ্চালক নৱ কুমাৰ গগৈ (৯৪৩৫০৬১৮১৮) বা কাৰিকৰী উপদেষ্টা কুলেন দাসৰ (৮৬৩৮০২৬৫৩৪/ ৯৪০১১৬৪১২৬) লগত যোগাযোগ কৰিব পাৰিব।
Trending
- মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদ মাহৰ নামৰ সামৰণি -নামঘৰৰ উন্নয়নত সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক প্ৰশংসা
- কামৰূপ মহানগৰ জিলাৰ পাঁচ স্থানত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভ
- বিশ্বকৰ্মা মূৰ্তি নিমজ্জন প্ৰক্ৰিয়া আয়োজন
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা