ছাক্ৰা হস্পিতালৰ পদক্ষেপ

0 455

অসম চৰকাৰৰ স্বাস্থ্য সুৰক্ষা আঁচনি অটল অমৃত অভিযানৰ সৈতে সংগবদ্ধ হৈ বাংগালোৰৰ ছাক্ৰা ৱৰ্ল্ড হস্পিতালে বিভিন্ন জটিল ৰোগত আক্ৰান্ত ৰোগী সকলক চিকিৎসা সেৱা প্ৰদান কৰিছে। এই মন্তব্য ছাক্ৰা ৱৰ্ল্ড হস্পিতালৰ পৰিচালন সঞ্চালক টাকাশি মাকিৰৰ। আজি মহানগৰীৰ নোভটেল হোটেলত আয়োজিত এক সংবাদ মেলত এই কথা জানিবলৈ দি কয় যে ছাক্ৰা ৱৰ্ল্ড হস্পিতালে জাপানীজ প্ৰযুক্তিৰ সহায়ত চিকিৎসা ক্ষেত্ৰলৈ শ্রেষ্ঠতম অৰিহণা যোগোৱাৰ প্ৰয়াস কৰি আহিছে। ইয়াৰ ভিতৰত হৃদৰোগ, স্নায়ু, অস্থি, বৃক্ক আদিয়ে প্ৰধান। সংবাদ মেলত বাংগালোৰৰ ছাক্ৰা ৱৰ্ল্ড হস্পিতালত চিকিৎসা সেৱা গ্ৰহণ কৰা অসমৰ ৰোগীৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৩৫০ খন বিচনা যুক্ত ছাক্ৰা হস্পিতালত বহুকেইজন প্ৰসিদ্ধ জাপানীজ চিকিৎসকে সেৱা প্ৰদান কৰি আহিছে।

Leave A Reply

Your email address will not be published.