অভিনৱ পদ্ধতিৰে খেতি কৰিছে গুলজাৰে

0 222

আজিৰ প্ৰজন্মৰ মানসিকতা সলনি হৈছে। সলনি হৈছে জীৱন নিৰ্বাহৰ ধাৰণাও। এই কথাষাৰ শুনি ছাগে আপোনাৰ মনলৈ প্ৰশ্ন আহিছে, কিহৰ ওপৰত ভিত্তি কৰি এনে মন্তব্য কৰা হ’ল। কথাষাৰৰ উত্তৰত এটা কথাই জনাব বিচাৰিছো যে বহু সময়ত আমি যেতিয়া খবৰ সংগ্ৰহ কৰো নাইবা খবৰ যুগুত কৰো তেনে সময়তে নৱপ্ৰজন্মৰ এনে কিছুমানক লগ পাও চাকৰি নাই, কাম নাই অসাৰ জীৱন বুলি হাত সাৱটি বহি নথকা মানসিকতাৰ। এনে এজন উদ্যমীৰ জীৱন গাঁথাৰে প্ৰস্তুত কৰা হ’ল আজিৰ এই বিশেষ লিখা।

মঙ্গলদৈৰ লতাখাটৰ এজন যুৱক। যুৱক জনৰ নাম গুলজাৰ হুছেইন। উচ্চ শিক্ষিত যুৱক জনে চাকৰিৰ বাবে অপেক্ষা নকৰি নিজৰ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হৈ উঠিছে। উল্লেখযোগ্য যে গুলজাৰ হুছেইনে টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও চাকৰি লাভ কৰা নাছিল। চাকৰিৰ মোহত বন্দী নোহোৱা গুলজাৰ হুছেইনে সিদ্ধান্ত ল’লে তেওঁ খেতিকে জীৱনৰ বৃত্তি হিচাপে ল’ব। সেয়ে ফুলৰ খেতিৰ পৰা আৰম্ভ কৰি কলৰ খেতি, বেঙেনা খেতি আৰু শেহতীয়াকৈ বড়ো ধানৰ খেতি কৰি নতুনৰ বাট দেখুৱাইছে।

উল্লেখযোগ্য যে গুলজাৰে বড়ো ধানৰ খেতিত সামান্য পৰিমাণৰ পানী ব্যৱহাৰ কৰি কৰিছে। যাৰ বাবে সেই অঞ্চলৰ আনে কৰা  খেতিতকৈ উন্নতমানৰ ধান পাবলৈ সক্ষম হৈছে। গুলজাৰৰ ভাষাত ক’বলৈ হ’লে মোৰ ধান খুব ভাল হৈছে। মই বড়ো ধানৰ খেতি ৰবি শস্য ৰোৱাৰ নিচিনাকৈ ৰুইছিলো। ৬ দিন সামান্য পৰিমাণৰ পানী দিছিলো। মোৰ খেতি চাবলৈ বহু দূৰৰ পৰা মানুহ আহে।বৰ্তমান সময়ত সেই অঞ্চলৰ বহু কেইজনে গুলজাৰৰ খেতিৰ পদ্ধতি অৱলম্বন কৰিছে। অভিনৱ পদ্ধতিৰে খেতি কৰি চৰ্চাৰ কেন্দ্ৰ হৈ পৰা গুলজাৰক সচেতন মহলে শলাগ লৈছে। 

 

সহযোগ কৰিলে খাৰুপেটীয়াৰ পৰা আবুল হাছেমে

Leave A Reply

Your email address will not be published.