অম্বুবাচীয়ে অন্যতম মাত্ৰা প্ৰদান কৰিছে

0 282

 

আজি অম্বুবাচী মেলাৰ তৃতীয় দিন। তাতে সপ্তাহৰ বন্ধ দিন, দেওবাৰ। সেয়েহে সপ্তাহৰ বন্ধৰ দিন হিচাপে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যোৱা দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হ’ল। কামাখ্যা মন্দিৰ তোৰণৰ পৰা আদি কৰি মন্দিৰৰ অভিমুখে যোৱা পথছোৱাত লোকে লোকাৰণ্য হোৱা দেখা গ’ল। কিছু সময়ৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা দৰ্শনাৰ্থীক কামাখ্যা মন্দিৰ প্ৰবেশত বাধা আৰোপ কৰা দেখা গ’ল। ইয়াৰ উপৰিও আজি প্ৰবেশ পথতো যান-বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। আমালৈ অহা তথ্য অনুসৰি আজিলৈকে হোৱা দৰ্শনাৰ্থীৰ সংখ্যা ১০,১০৫৬২ অতিক্ৰম কৰিছে। বিহাৰ, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ আদি কিছু কিছু ঠাইৰ বিদেশী পৰ্যটকৰ লগতে অসমৰ পৰ্যটকৰো সমাগম ঘটা পৰিলক্ষিত হয়।

চৰকাৰৰ ফালৰ পৰা ৬ টাকৈ অস্থায়ী শিৱিৰৰ ব্যৱস্থা কৰিছে যদিও অসংখ্য ভক্ত, পৰ্যটকৰ আগমন ঘটাৰ বাবে বহুতে পদপথৰ আছুতীয়া ঠাইক আশ্ৰয়স্থল হিচাবে বাছি লৈছে। অম্বুবাচী মেলাৰ ভক্ত, পৰ্যটকৰ আগমনৰ সম্পৰ্কে কামাখ্যা দেৱালয়ৰ দলৈ মোহিত শৰ্মাই এনেদৰে কয়, আজি যি দৃশ্য আপুনি দেখিবলৈ পাইছে, সেই দৃশ্যৰ আঁৰত কামাখ্যাৰ পাণ্ডাসকলৰ ভূমিকা অন্যতম। কাৰণ আজিৰ পৰা শ শ বছৰৰ আগতে কামাখ্যাৰ পাণ্ডাসকলে ভক্ত তথা পৰ্যটকক অম্বুবাচীত নিমন্ত্ৰণ জনাইছিল। যিটো সময়ত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সিমান সুচল নাছিল। সেই সময়ৰ পৰা কামাখ্যাৰ পাণ্ডাসকলে বৰ্হিৰাজ্যৰ ভক্তসকলক আকৰ্ষণৰ চেষ্টা চলাইছিল। এয়া এক প্ৰথা তথা পৰম্পৰা বুলি ক’লেও খুব ভুল কোৱা নহ’ব। আজিও পাণ্ডাৰ ঘৰত কামাখ্যাৰ অম্বুবাচী চাবলৈ অহা অতিথি আছে। ই এক পৰম্পৰা। যিমানেই দিন পাৰ হ’ব, সিমানেই ভক্তৰ সংখ্যা বৃদ্ধি পাব। পৰহিলৈ নিত্য পূজাৰ পিছত সম্ভৱত ৬ বজাৰ পৰা ৬.৩০ বজাৰ ভিতৰত কামাখ্যা মন্দিৰৰ মূল দুৱাৰ খোল খাব। এই মন্তব্য কামাখ্যা দেৱালয়ৰ দলৈৰ। অসমৰ পৰ্যটনৰ ক্ষেত্ৰত কামাখ্যাৰ অম্বুবাচী মেলাই অন্যতম মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। কাৰণ কামাখ্যালৈ দৰ্শনাৰ্থী অহা মানে অসমৰ কাজিৰঙা অথবা উমানন্দ লৈ পৰ্যটকৰ আগমন হোৱা। ইয়ে অসমৰ পৰ্যটনক যে এক নতুন মাত্ৰা প্ৰদান কৰিব সেয়া নিশ্চিত।

Leave A Reply

Your email address will not be published.