অসম চৰকাৰৰ শক্তি (স্বতন্ত্ৰ দপ্তৰ) আৰু গড়কাপ্তানী দপ্তৰৰ ৰাজ্য মন্ত্ৰী তপন কুমাৰ গগৈ আজি এদিনীয়া চৰকাৰী কাৰ্যসূচীৰে মাজুলী ভ্ৰমণ কৰে । ভ্ৰমণ কালত মন্ত্ৰী গগৈয়ে দুপৰীয়া গড়মূৰস্থিত উপায়ুক্তৰ সভাকক্ষত শক্তি আৰু গড়কাপ্তানী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে । অসম চৰকাৰৰ সন্মানীয় অতিৰিক্ত মুখ্য সচিব (শক্তি বিভাগ) জিষ্ণু বৰুৱা আৰু এপিডিচিএল-ৰ পৰিচালন সঞ্চালক পুৰু গুপ্তাৰ লগতে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ, দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰীৰৰ উপস্থিতিত হোৱা এই বৈঠকত মন্ত্ৰী গৰাকীয়ে জিলাখনত এপিডিচিএলৰ কাম-কাজৰ লগতে পথ-যোগাযোগ ব্যৱস্থাৰো পৰ্যালোচনা কৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ৩১ ডিচেম্বৰ ২০১৮ ৰ ভিতৰতে দেশৰ প্ৰতিটো পৰিয়ালৰে ঘৰত বিদ্যুৎ সংযোগ প্ৰদানৰ বাবে ধাৰ্য কৰা সময়সীমাৰ ভিতৰতে মাজুলী জিলাৰো প্ৰতিটো পৰিয়ালেই যাতে বিদ্যুৎ সংযোগ লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ এপিডিচিএলক নিৰ্দেশ দিয়ে মন্ত্ৰী গগৈয়ে। মাজুলীত নিৰন্তৰ বিদ্যুৎ যোগান সুনিশ্চিত কৰিব পৰাকৈ এটা পাইলট প্ৰকল্প গ্ৰহণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে শক্তি বিভাগৰ শীৰ্ষ বিষয়াক বৈঠকতে নিৰ্দেশ দিয়ে। একেদৰে, গড়মূৰ-জেংৰাইমুখ পথৰ লগতে অফলামুখঘাট সংযোগী পথছোৱা আৰু আলিমূৰৰ পৰা কমলাবাৰীঘাট পৰ্যন্ত পথটোও অগ্ৰাধিকাৰ ভিত্তিত অতি সোনকালে নিৰ্মাণ কৰিবলৈ বৈঠকত গড়কাপ্তানী বিভাগক মন্ত্ৰী গৰাকীয়ে আজি নিৰ্দেশ দিয়ে।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা