বিদেশত প্ৰকৃতিক ৰক্ষাৰ বাবে প্ৰকৃতি ৰক্ষাৰ আন্দোলন হয়। ফ্ৰান্স, ইংলেণ্ড চৰকাৰো প্ৰকৃতিক সুৰক্ষা দিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতীয় দৰ্শন অনুসৰি যত জীৱ তত শিৱ বুলি কোৱা হয় যদিও প্ৰকৃততে তেনেকৈ কাৰ্যকৰী হোৱা নাই। প্ৰকৃতিক সুৰক্ষাই মানুহক মহৎ কৰি তোলে। এই মন্তব্য কথা সাহিত্যিক হোমেন বৰগোহাঞিৰ। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় প্ৰাংগনত পশু ক্লিনিক উন্মোচন কৰি সাহিত্যিক গৰাকীয়ে এইদৰে মন্তব্য কৰে। সাংবাদিক নন্দন প্ৰতীম শৰ্মা বৰদলৈৰ “সহায়” নামৰ সংস্থাটোৰ জৰিয়তে এই প্ৰকল্পটো আগবঢ়াই নিছে। এই সম্পৰ্কে নন্দন প্ৰতীম শৰ্মা বৰদলৈয়ে কয় যে জীৱ জন্তুক ভালপাও। দুৰ্ঘটনাগ্রস্ত জীৱ জন্তুক চিকিৎসাৰ বাবে বহু সময়ত ব্যৱস্থা কৰি আহিছো। জীৱকূলৰ কথা চিন্তা কৰিয়েই এনে এটা প্ৰকল্পৰ চিন্তা মনলৈ আহে।এই ক্লিনিক খনৰ জৰিয়তে জীৱ জন্তুক চিকিৎসা সেৱা আগ বঢ়োৱা হ’ব। ডাঙৰ জন্তুৰ বাবে ১৬ টা বিশেষ স্থান আৰু পোহনীয়া জন্তুৰ বাবে ৪৮ টা স্থানৰ ব্যৱস্থা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইনে অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত মাইনী মহন্ত,অসম কৃষি বিশ্ব বিদ্যালয়ৰ ড° কমল মল্ল বুজৰবৰুৱাকে আদি কৰি বহুতো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
Trending
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান