ক্ৰমাৎ ভাল দিন আহিব ধৰিছে অসমীয়া চিনেমাৰ । ৰিমা দাসৰ ভিলেছ ৰকষ্টাৰ্ছে অসমীয়া চিনেমাত এক নতুন মাত্ৰা দিলে। ইয়াৰ পিছতে অসমীয়া চিনেমা জগতত সংযোজিত হব আন এখন ব্যয় বহুল চিনেমা দ্যা আন্ডাৰ’ৱৰ্ল্ড। এই কথা ব্যক্ত কৰিছে অসমীয়া চিনেমা জগতৰ আগশাৰীৰ অভিনেতা নিপন গোস্বামীয়ে। উল্লেখযোগ্য যে ৫ অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া জুবিন গাৰ্গৰ বহু চৰ্চিত মনোৰঞ্জনধৰ্মী ছবি দ্যা আন্ডাৰ ৱৰ্ল্ডে মুক্তি লাভ কৰিব। এই উদ্দেশ্যে আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেলৰ আয়োজন কৰি ছবি খন দৰ্শকে উপভোগ কৰি ভাল পাব বুলি কয় ছবি খনৰ লগত জড়িত অভিনেতা আৰু পৰিচালকে। আজিৰ সংবাদ মেলৰ আৰম্ভণিতে চিনেমা খনত মুখ্য চৰিত্ৰত অভিনয় কৰা চিৰ সেউজ অভিনেতা বিজু ফুকনৰ কথা সকলোৱে শ্ৰদ্ধাৰে সোৱৰে।সংবাদ মেলত জুবিন গাৰ্গ উপস্থিত থাকি সকলোকে মিছন চাইনাৰ দৰে ভিলেছ ৰক ষ্টাৰ্ছ আৰু আন্ডাৰ ৱৰ্ল্ড চাবলৈ অনুৰোধ জনায়। আজিৰ সংবাদ মেলত অভিনেতা পৱিত্ৰ ৰাভা,নিপন গোস্বামী, বিজু ফুকনৰ পত্নী , পৰিচালক ৰাজেশ যচপাল, নাজিম হামিদৰ লগতে আন বহুকেইজন উপস্থিত থাকে।খবৰ যুগুতালে হিৰক জ্যোতি ভট্টাচাৰ্য
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত