পানী প্ৰকল্প উদ্বোধন

0 360

দেশজুৰি চলি থকা “স্বচ্ছতাই সেৱা” অভিযানৰ লগত সংগতি ৰাখি অ’এনজিচি অসম সম্পদে ৰহদৈ আৰু হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ২৮ আৰু ২৯ ছেপ্টেম্বৰত দুটাকৈ খোৱা পানী প্ৰকল্পৰ শুভ উদ্বোধন কৰে।

প্ৰকল্প দুটা উদ্বোধন কৰি অ’এনজিচি অসম সম্পদৰ কাৰ্য্যবাহী সঞ্চালক তথা সম্পদ প্ৰবন্ধক এছ ডি মাস্কে দেৱে ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক আৰু সমবেত স্থানীয় লোকসকলক উদ্দেশ্য কৰি কয় যে জন্মলগ্নৰে পৰাই এক দায়িত্বশীল কৰ্পৰেট নাগৰিক হিচাপে অ’এনজিচি য়ে চি এছ আৰ ( নৈগমিক সামাজিক দায়বদ্ধতা ) শিতানত বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ন কৰি জনগণক সৱলীকৰণ কৰাৰ লগতে সমাজখনৰ সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰি স্থানীয় জনজীৱনত এক ইতিবাচক প্ৰভাৱৰ সূচনাৰে সমাজখনৰ কল্যাণৰ হকে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

তেখেতে লগতে কয় যে আজিৰ ছাত্ৰ ছাত্ৰী সকলেই কাইলৈৰ দেশৰ ভবিষ্যত আৰু অ’এনজিচি য়ে ছাত্ৰ ছাত্ৰী সকলৰ  বিকাশৰ বাবে এখন উপযুক্ত মঞ্চ দিবলৈ সদায় চেষ্টা কৰি আহিছে। তেখেতে প্ৰতিজন ছাত্ৰ ছাত্ৰীক একোজন স্বচ্ছতাৰ দূত হ’বলৈও উৎসাহ যোগায়। 

ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰি কাৰ্য্যবাহী সঞ্চালক আৰু সম্পদ প্ৰবন্ধক এছ ডি মাস্কেদেৱে ৰহদৈ উচ্চ মাধ্যমিক বিদ্যালয়লৈ খেলা-ধুলাৰ সামগ্ৰীৰ বাবে ২৫০০০ টকা আৰ্থিক সাহাৰ্য্যৰ লগতে ছাত্ৰীসকলৰ বাবে প্ৰসাৱ-পায়খানাগাৰ নিৰ্মাণ ৰ বাবে ও আৰ্থিক সাহাৰ্য্য আগবঢ়াব বুলি জানিবলৈ দিয়ে। তেখেতে লগতে হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়লৈ ৰসায়ন বিজ্ঞানৰ পৰীক্ষাগাৰৰ সামগ্ৰীৰ বাবে আৰু খেলা-ধুলাৰ সামগ্ৰীৰ বাবে ২৫০০০ টকা আৰ্থিক সাহাৰ্য্যৰ লগতে পুথিভঁৰালৰ আচ বাবৰ বাবে ও আৰ্থিক সাহাৰ্য্য আগবঢ়াব বুলি ঘোষণা কৰে। তেখেতে বিদ্যালয় কৰ্তৃপক্ষক জিলা প্ৰশাসনৰ যোগেদি নিগমক আবেদন জনাবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে অ’এনজিচিয়ে যোৱা বছৰটোত ১.০৭ কোটি টকাৰে ১০০০০ ছাত্ৰ ছাত্ৰীক সামৰি ৩২ খন বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰাৰ লগতে এই বিত্তীয় বৰ্ষত আৰু ১.৬৮ কোটি ব্যয়েৰে ১৫০০০ ছাত্ৰ ছাত্ৰীক উপকৃত কৰাৰ মানসেৰে আৰু ৫২ খন বিদ্যালয়ত বিশুদ্ধ খোৱা পানী যোগান আঁচনি ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অ’এন জি চি য়ে নিগমৰ সৰ্বভাৰতীয় অ’বিচি/এমঅ’বিচি কৰ্মচাৰী কল্যাণ সন্থাৰ সহযোগত চি এছ আৰ শিতানত বিদ্যালয়সমূহত খোৱা পানী প্ৰকল্প ৰূপায়ন কৰি আহিছে। অ’এনজিচিৰ সৰ্বভাৰতীয় অ’বিচি/এমঅ’বিচি কৰ্মচাৰী কল্যান সন্থাৰ সভাপতি জয়ন্ত পাটৰে উদ্বোধনী অনুুুষ্ঠানত ভাগ লৈ সকলোকে ৰাজ্যখনৰ প্ৰগতিৰ লগতে দেশৰ শক্তিখণ্ডক সুৰক্ষিত কৰিবলৈ অ’এনজিচি ৰ কাম কাজ সমূহত সহায় সহযোগ কৰিবলৈ আহ্বান জনাই।

উদ্বোধনী অনুুুষ্ঠানত মানৱ সম্পদ বিভাগৰ উপ মহা প্ৰবন্ধক এছ মুৰুলিধৰণ, চি এছ আৰ ৰ বিষয়া অমনদীপ সিং, অ’এনজিচিৰ অ’বিচি/এমঅ’বিচি কৰ্মচাৰী কল্যাণ সন্থাৰ বিষয়ববীয়া সীমান্ত গগৈ, হেমন্ত কুমাৰ গগৈ, ৰবীন ফুকন, ৰহদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সঞ্জয় সন্দিকৈ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পৰেশ শইকীয়া, হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱ চেতিয়া উপস্থিত থাকে।

 

খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.