গান্ধীজীয়ে ভাৰতবৰ্ষৰ বুকুত ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। বাপুজীয়ে দেখাই যোৱা আদৰ্শই উঠি অহা প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। তেখেতৰ অহিংসা নীতিৰ প্ৰাসংগিকতা সদায় আছে আৰু থাকিব। ভাল কামবোৰ যুগে যুগে অমৰ।গান্ধীজীৰ সপোন আছিল এখন স্বচ্ছ দেশ গঢ়াৰ। আমাৰ চৰকাৰে স্বচ্ছতাৰ দেশ গঢ়াৰ নিমিত্তে বৰ্তমানলৈকে ২৬ লাখ শৌচালয় নিৰ্মাণ কৰিছে।এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। গান্ধী জয়ন্তীৰ উপলক্ষে গান্ধী মণ্ডপত আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰে। আনহাতে উদ্যোগ আৰু বাণিজ্য ,আৰু পৰিবহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে গান্ধীজীৰ আদৰ্শৰ প্ৰসংগ বাখ্যা কৰি কয় যে মনোবৃত্তি আৰু পৰিস্থিতিয়ে সকলো পৰিবৰ্তন কৰিব পাৰে।সকলোকে গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহবান জনায়। উল্লেখযোগ্য যে গান্ধী মণ্ডপত স্থাপন কৰা দেশৰ ভিতৰত তৃতীয় উচ্চতম পতাকাখন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জানিব পৰামতে ৩১৯.৫ ফুট উচ্চতাত অৱস্থিত পতাকা খনৰ ওজন প্ৰায় ৪০০ কেজি।অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উদ্বোধনী অনুষ্ঠানত বিভিন্ন বিভাগৰ মন্ত্ৰীসকল, বিধায়ক সকল,উচ্চ পদস্থ বিষয়া সকলৰ লগতে বহুতো গণ্য মান্য বক্তি উপস্থিত থাকে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন