ভাৰত -ভূটান দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ ৫০ বছৰ বৰ্ষপূতি উপলক্ষে ভূটানৰ ৰাজকীয় চৰকাৰৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৪ জনীয়া এটা সাংস্কৃতিক দলে যোৱা ৫ অক্টোবৰ পৰা ৭ অক্টোবৰলৈ ভূটানৰ বাংলাস্থিত ৰয়েল ইউনিভাৰচিটি অৱ ভূটানৰ অধীনত চেৰবুটছী কলেজত এক তিনিদিনীয়া সাংস্কৃতিক বিনিময় কাৰ্য্যসূচীত ভাগ লয়।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড৹ ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত যোৱা দলটোৱে তাত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।আনহাতে ৬ অক্টোবৰত চেৰবুটছী কলেজত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষক অধ্যাপক ড৹ জয়শ্ৰী দেৱী আৰু জীতুমণী দাসৰ মা-দেউতা শীৰ্ষক এটি ভিডিঅ’ এলবাম উন্মোচন কৰা হয়। এলবামটো মুকলি কৰে কৰে ড৹ ৰঞ্জন কুমাৰ কাকতি আৰু চেৰবুটছী কলেজৰ সভাপতি টেছৰিং ৱাংডিং আৰু ছাত্ৰ কল্যাণ বিভাগৰ ডীন ৱাইকেৰে।
Trending
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন