দেশৰ পৰিবহন ব্যৱস্থাত জলপৰিবহন ব্যৱস্থাৰ গুৰুত্ব অপৰিসীম। এই উদ্দেশ্য আগত ৰাখিয়েই বিশ্ব বেংকৰ ঋণৰ দ্বাৰা অসম চৰকাৰে আভ্যন্তৰীণ জলপৰিবহন ব্যৱস্থাটো আধুনিকীকৰণ আৰু উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।ইতিমধ্যে বুনিয়াদী পৰ্য্যায়ত ইয়াৰ কাম কাজ আৰম্ভ হৈছে।উক্ত বুনিয়াদী কাম কাজৰ অংশ স্বৰূপে আভ্যন্তৰীণ জল পৰিবহন উন্নয়ন সমিতিয়ে পৰিবেশ আৰু সামাজিক প্ৰভাৱ মূল্যায়নৰ বাবে আৰ্কিটেকো নামৰ সংস্থাটো নিয়োগ কৰিছে তথা কৌশল গত উন্নয়নৰ আঁচনি প্ৰস্তুত কৰিবলৈ ইনৰ’ছ লেকানৰ নামৰ সংস্থাটোক দায়িত্ব দিছে। এই উপলক্ষে আভ্যন্তৰীণ জল পৰিবহন উন্নয়নৰ প্ৰকল্পৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে জড়িত অংশীদাৰ সকলৰ উপস্থিত আজি অসম আভ্যন্তৰীণ জল পৰিবহন উন্নয়ন সমিতিৰ কাৰ্যালয়ত অসম পৰিবহন কৌশল ২০৩৫ শীৰ্ষক এখন অলোচনা চক্ৰ অনুষ্ঠিত হয়। অসম পৰিবহন ব্যবস্থাৰ যুটীয়া সচিব ৰুবী শৰ্মাই।আনুষ্ঠানিক ভাৱে মুকলি কৰা অনুষ্ঠানটোত ভালেকেইটা চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও কেইবাখনো আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা