বৰ অসমত সম্প্ৰীতিৰ এনাজৰীডাল আজিও কটকটীয়া হৈ আছে৷ সমাজবিৰোধী চক্ৰই অসমীয়া সমাজখনক হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰিব খুজিলেও অসমীয়া জাতিক ভাগ ভাগ কৰিব পৰা নাযাব৷ বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰগতিশীল দল-সংগঠনে এই বাৰ্তাকে দি আহিছে৷ সময়ে সময়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সমাজখনক ভাতৃত্ববোধৰ বাৰ্তাৰে মহামণ্ডিত কৰে৷ প্ৰতি বছৰে নলবাৰী জিলাৰ বিল্বেশ্বৰস্থিত ঐতিহ্যমণ্ডিত দুৰ্গা পূজাত সদৌ অসম গৰিয়া মৰিয়া দেশী পৰিষদে দুৰ্গা দেৱীৰ ভক্তৰ মাজত বিশুদ্ধ পানী বিতৰণ কৰি তেনেই এক বাৰ্তা প্ৰদান কৰাৰ বাবে চেষ্টা চলাই আহিছে৷ ঐক্য, সংহতি আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে দৰে এইবাৰো নৱমীৰ দিনটোত প্ৰায় সাত হাজাৰ বটল বিশুদ্ধ খোৱাপানী দুৰ্গা দেৱীৰ ভক্তৰ মাজত বিতৰণ কৰো৷ নৱমীৰ দিনটোত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু নলবাৰী জিলা সমিতিয়ে গুৱাহাটীৰ পৰা গাড়ীৰে পানীৰ বটল সমূহ কঢ়িয়াই নিয়ে৷ ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ত অস্থায়ী সেৱা কেন্দ্ৰত পুৱা প্ৰায় ১১ বজাৰ পৰা দিনৰ তিনি বজালৈ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী নেতা, নলবাৰী জিলা সমিতি আৰু বেলশৰ আঞ্চলিক সমিতিৰ নেতা কৰ্মীয়ে বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ মাজত বিশুদ্ধ খোৱাপানী বিতৰণ কৰে। পানী বিতৰণ অনুষ্ঠানত প্ৰাক্তন আছু নেতা তথা সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হক, কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক চহিদ আলী আহমেদ, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি ৰাজীৱ চৌধুৰী, নলবাৰী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মেৰাজুল হক, প্ৰাক্তন আছু নেতা দিলীপ বৰ্মন আদি উপস্থিত থাকে।
Trending
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত