আজিও মানৱতা শেষ হোৱা নাই।মানৱ দৰদী মানুহ সমাজত এতিয়াও অভাৱ হোৱা নাই।ইয়াৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে কেইজনমান ব্যক্তিয়ে।গুৱাহাটীৰ কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত শ্ৰোতা নামৰ এটা বেণ্ড আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে।জানি সুখী হ’ব যে শ্ৰোতা বেণ্ডটোৰ লগত অসমৰ বিভিন্ন ঠাইৰ কেইগৰাকীমান দৃষ্টিহীন জৰিত হৈ আছে।ইতিমধ্যে তেওঁলোকে অসমৰ বিভিন্ন ঠাইত গীত পৰিবেশন কৰিছে।এই সম্পৰ্কে শ্ৰোতাৰ অন্যতম সদস্য কিৰণবালা দেৱীয়ে এনেদৰে কয়-আমাৰ বেণ্ডটো গঠন হৈছিল ২০১৫চনৰ ২অক্টোবৰত।বেণ্ডটো সৰ্বমুঠ ১৫ গৰাকী হৈ জৰিত আছো।ইয়াৰে গৰাকীয়ে গীত পৰিবেশন কৰে।আমাৰ শুভাকাংক্ষী কেইগৰাকীয়ে যোৱা বছৰ ধৰি আমাক বিভিন্ন ধৰণে সহায় কৰি আহিছে ।সংগীত পৰিবেশন কৰিবলৈ যোৱাৰ পৰা আৰম্ভ কৰি সা সৰঞ্জামৰ যোগাৰ তেখেত সকলে বহন কৰিছিল।স্মৰ্তব্য যে শ্ৰোতাই বিভিন্ন ঠাইত গীত পৰিবেশনৰ বাবে আমন্ত্ৰণ লাভ কৰি আহিছে।কোনো ব্যক্তিয়ে শ্ৰোতাক আগুৱাই নিবৰ বাবে অথবা শ্ৰোতাৰ বিষয়ে সবিশেষ জানিবলৈ নিলোৎপল বৈশ্যক ৯৪০১৫৭৪২৪৬ নম্বৰত যোগাযোগ কৰিব পাৰে।শ্ৰোতাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহযোগ কৰা শুভাকাংক্ষী কেইগৰাকীক এই আপাহতে অফুৰন্ত শুভেচ্ছা জনালো ।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী