ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সীমান্ত পথ সংস্থাৰ (বি আৰ অ) গুৱাহাটীৰ লংকেশ্বৰস্থিত পূৱ মণ্ডলৰ মুখ্য কাৰ্য্যালয়ৰ নৱ নিযুক্ত অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি) প্ৰবীন কুমাৰ হনুমন্ত সিঙক পহিলা নৱেম্বৰত তেওৰ কাৰ্য্যালয় কক্ষত পশ্চিম গুৱাহাটী সাংবাদিক সন্থাই সম্বৰ্ধনা জনায়। সন্থাৰ সভাপতি জয়ন্ত কলিতা সাধাৰণ সম্পাদক হনি ঝানঝাৰী আৰু প্ৰচাৰ সম্পাদক জোন ৰাভাই নৱ নিযুক্ত এ ডি জি প্ৰবীন কুমাৰ হনুমন্ত সিঙক গামোচা, পাৰজা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনায়। আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুতৰত নৱনিযুক্ত এ ডি জি সিঙে ভাষণ প্ৰসঙ্গত সংবাদ মাধ্যমৰ ইতিবাচক কাম কাজক সদায় সন্মান কৰি আহিছে বুলি ব্যক্ত কৰি উত্তৰ পূৱ পৰিষদৰ উপদেষ্টা হিচাপে পাচ বছৰ কাৰ্যনিৰ্বাহ কৰাকে ধৰি ৩০ বছৰীয়া চাকৰি কালৰ ২২ বছৰেই উত্তৰ পূৱৰ বিভিন্ন দুৰ্গম অঞ্চলত বি আৰ অৰ পথ, দলং নিৰ্মাণত জড়িত হৈ আছে বুলি সদৰি কৰে। ইয়াৰ উপৰি পূৱৰ প্ৰাকৃতিক আৰু ভৌগলিক দুৰ্গমতাক নেওচি বি আৰ অ’ই পথ, দলং নিৰ্মাণকে ধৰি যাতায়ত ব্যৱস্থা সকলো বতৰতে সুচল কৰি ৰাখিবলৈ বদ্ধ পৰিকৰ বুলি সদৰি কৰি এ ডি জি সিঙে এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ সহযোগিতা কামনা কৰে। উল্লেখ্য ১৯৮৮ বেটচৰ বি আৰ ই এছ বেটচৰ অভিযন্তা প্ৰবীন কুমাৰ হনুমন্ত সিঙে পূৱ মণ্ডলৰ এ ডি জি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত