জাতি, মাটি, ভাষাৰ বাবে আজি সমগ্ৰ জনসাধাৰণে অস্তিত্বৰ সংকটত ভূগিছে।চৌদিশে আন্দোলন,প্ৰতিবাদৰ প্ৰতিধ্বনিয়ে ৰাজপথ কপিছে।এনে এটা সময়ত অসমীয়া কোন, অসমীয়া সত্তাৰ ইতিবৃত্ত সমন্বিত এখন গ্ৰন্থ প্ৰকাশ পাইছে ।বিশিষ্ট চিন্তাবিদ, সমালোচক নিবন্ধকাৰ ময়ুৰ বৰাই লিখি উলিয়াইছে চিৰদিন অসমীয়া শীৰ্ষক গ্ৰন্থখন ।গ্ৰন্থখনত ১৯শতিকাত কিদৰে অসমীয়া আধুনিক সত্বা গঠন হৈছিল, সেই সম্পৰ্কে স্পষ্টভাৱে সন্নিৱিষ্ট আছে।গ্ৰন্থখনৰ সম্পৰ্কে ময়ুৰ বৰাই কয়- গ্ৰন্থখনে বৌদ্ধিক চেতনা বিকাশ কৰাৰ বাবে সহায়ক হ’ব।৩০৮ৰ পৃষ্ঠাৰ যোৰা গ্ৰন্থ খন প্ৰকাশ কৰি উলিয়াইছে বনলতা প্ৰকাশনে।পোনপ্ৰথমবাৰৰ বাবে এন ই ফ’কাচ ডট কমৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে উন্মোচিত কৰা হৈছে ।উল্লেখযোগ্য যে সৰ্বসাধাৰণ মানুহৰ বোধগম্য হোৱাকৈ লিখিত চিৰদিন অসমীয়া সুখপাঠ্য গ্ৰন্থ ।গ্ৰন্থখন গ্ৰন্থমেলাৰ লগতে সকলো কিতাপৰ দোকানতে বিচাৰি পাব।
Trending
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ