নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান

0 53

নৱগঠিত অসম সাহিত্য সভাৰ নয়দা শাখাই যোৱা ১৪ জুনত সদস্যসকলৰ বাবে এক অগতানুগতিক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰে। নয়দাৰ চেক্টৰ ৭২ত অৱস্থিত হোটেল দা নেষ্টত আয়োজিত এই  অনুষ্ঠানত কোনো  মঞ্চ নাছিল, নাছিল কোনো নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি, সভাপতিৰ আদৰণি ভাষণ বা সম্পাদকৰ শলাগৰ শৰাই। কাৰ্যসূচীৰ কোনো নিৰ্দিষ্ট ক্ৰমো নাছিল। বহিবলৈ মজিয়াত পাৰি দিয়া হৈছিল তুলী। যান্ত্ৰিকতাৰপৰা আতঁৰি শাখাৰ ৫০ জনৰো অধিক সদস্য‌ই আড্ডা মাৰিছিল আৰু তাৰ মাজে মাজে আছিল কবিতা আবৃত্তি, গীতৰ শৰাই, একক অভিনয় আৰু স্বৰচিত লিখনি পাঠ। কণমানি আব্দুল হক, ৰূপাঞ্জলী মহন্ত ডেকা আৰু আফজল হুছেইনে বিষ্ণুৰাভাৰ গীত,‌ আকাংক্ষা ডেকাই এটি ভূপেন্দ্ৰ সংগীত আৰু পংকজ প্ৰতিম বৰদলৈয়ে মহম্মদ ৰফিৰ এটি অসমীয়া গীত পৰিৱেশন কৰে। আনহাতে পদ্মজা ৰাজখোৱা, গৌতম শৰ্মা, প্ৰেমাদীপ বৰদলৈ, মনচুমী বৰদলৈ আৰু প্ৰতীমা দাসে কবিতা আবৃত্তি আৰু পাঠ কৰে। মিতালী দাসে ফণী শৰ্মাই ৰচনা কৰা ‘ভোগজৰা’ নাটকৰ পাগলীৰ চৰিত্ৰৰ কিছু অংশ অভিনয় কৰি সকলোকে আপ্লুত কৰে। ডাঃ প্ৰদীপ কুমাৰ শৰ্মাই স্বৰচিত লিখনি পাঠ কৰি সৰুতে মাৰ্বল খেলৰ স্মৃতি ৰোমন্থন কৰে। উদয় ভাস্কৰ বৰাই প্ৰগতি ময়দানত অনুষ্ঠিত বাণিজ্য মেলাৰ সময়ত বন্ধু দেৱাশীষৰ ভোট জলকীয়াৰ তেল হাতত লগাৰ পাছতে সৰু পানী চুবলৈ গৈ যি নগুৰ-নাগতি হৈছিল সেয়া বৰ্ণনা কৰি সকলোকে আমোদ দিয়ে।
এই অনুষ্ঠানতে নয়দা শাখাৰ ৱেবছাইট www.assnoidabranch.com মুকলি কৰা হয়।

আড্ডাৰ মাজেৰা অনুষ্ঠানটো আগবঢ়াই নিয়া পংকজ প্ৰতিম বৰদলৈৰ লগত আছিল কাগজৰ সৰু সৰু পুৰীয়াৰে ভৰ্তি এটা পেঁৰা আৰু তাত লিখা আছিল অসমৰ মাটি, কলা-সংস্কৃতিৰ সৈতে জড়িত কেবাটাও বিষয়। সকলোৱে আকস্মিক বক্তৃতাৰ দৰে নিজৰ ভাগত পৰা বিষয়ৰ ওপৰত এক-দুই মিনিট ক’বলৈ সুযোগ পাইছিল। মাজে মাজে সোধা হৈছিল সাঁথৰ আৰু কুইজ। এনেদৰেই পাৰ হৈ গ’ল ৩ ঘণ্টা। সকলোৰে মুখত আছিল কেৱল সন্তুষ্টিৰ হাঁহি।‌ নৈশ আহাৰ গ্ৰহণ কৰাৰ পাছত সকলোৱে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আৰু পৰিচালক জাহ্নু বৰুৱাই পৰিচালনা কৰা আৰু অৰুণ নাথ আৰু সীমা বিশ্বাস অভিনীত That Gusty Morning নামৰ অসমীয়া চুটি ছবিখন উপভোগ কৰে। উল্লেখ্য যে সাহিত‍্যক জনপ্ৰিয় কৰাৰ এক প্ৰয়াস হিচাপে এই অগতানুগতিক কাৰ্যসূচী নয়ডা শাখা সাহিত‍্য সভাই গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.