মৰিগাঁও চহৰত আজি এক ব্যতিক্ৰম কাৰ্যসূচী পৰিলক্ষিত হয় । এদল যুৱক পুৱাই ওলাই আহিল বুধবাৰে দীপাৱলী উদযাপনত ব্যৱহাৰ কৰি পেলাই দিয়া পৰিত্যক্ত কলগছ বোৰ সংগ্ৰহ কৰা লক্ষ্যৰে।মৰিগাঁৱৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন সহায়ৰ সদস্যসকলে ৰূপায়ন কৰিছে এই ব্যতিক্ৰম কাৰ্যসূচী । দেৱালীত মৰিগাঁও চহৰখনৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহে ব্যৱহাৰ কৰা কলগছসমূহ সংগ্ৰহ কৰি স্বচ্ছতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে এই কলগছ সমূহ গাড়ীত ভৰাই পবিতৰা অভয়াৰণ্য লৈ যায় আৰু অভয়াৰণ্যত থকা হাতীকুলৰ খাদ্যৰ বাবে যোগান ধৰে স্বেচ্ছাসেৱী সংগঠনটোৱে ।উল্লেখ্য যে স্বেচ্ছাসেৱী সংগঠনটোৱে যোৱা কিছু বছৰ ধৰি এইদৰে জিলা প্ৰশাসন বা মৰিগাঁও পৌৰসভা কতৃপক্ষলৈ অপেক্ষা নকৰি দেৱালীৰ পিছদিনা পৰিত্যক্ত কলগছসমূহ সংগ্ৰহৰে চহৰ ৰাজপথ আৰু দাঁতি সমূহ পৰীক্ষা কৰি হাতে কামে স্বচ্ছতাৰ নিদৰ্শন দেখুৱাই অহাৰ লগতে পবিতৰা অভয়াৰণ্যৰ হাতীকুলৰ খাদ্য হিচাপে প্ৰেৰণ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।সহযোগ কৰিলে মৰিগাঁৱৰ পৰা ৰিতুমণি মহন্তই।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী