গানৰ সুৰে ইজনে সিজনক মতা এখন গাঁও

0 430

এটা বিশেষ সুৰে কথোপকথন কৰা এখন গাঁও।গাঁওখন চুবুৰীয়া ৰাজ্য মেঘালয়ত অৱস্থিত।গাঁওখনৰ নাম কংথং।শ্বিলঙৰ পৰা প্ৰায় ৫৬ কিলো মিটাৰ নিলগত অৱস্থিত গাঁওখনৰ গাঁওবাসীয়ে নাম ধৰি মতাৰ পৰিবৰ্ত্তে ইজনে সিজনক মাতিবলৈ এক সুৰ ব্যৱহাৰ কৰে।৫০০ বছৰীয়া পুৰণি পৰম্পৰা গাঁওখনত আজিও বিদ্যমান হৈ আছে।খাচী জনগোষ্ঠী বসতি প্ৰধান গাঁওখনলৈ সেয়েহে বছৰি বহু পৰ্যটকৰ সমাগম হয়।জানিব পৰা সন্তান গৰ্ভত থকা সময়তে মাতৃয়ে চৰাইৰ মাত শুনি সেই বিশেষ সুৰ নিৰ্ধাৰণ কৰে ।মাতৃপ্ৰধান সমাজ ব্যৱস্থাৰে পৰিচালিত ইয়াৰ অধিবাসী সকলে ৫ চেকেণ্ডৰ সুৰে ইজনে সিজনক দুৰৰ পৰা ৰিঙিয়াই মাতে।প্ৰচলিত মত অনুসৰি আজিৰ পৰা ৫০০ বছৰৰ আগেয়ে তেওঁলোকে চিকাৰলৈ যোৱা সময়ৰ পৰা বিশেষ সুৰ বিধৰ প্ৰচলন অাছে ।বৰ্তমান কংথং গাঁওবাসীয়ে মৌপালন আৰু তামোলৰ খেতিক জীৱিকাৰ মূল উপজীব্য হিচাপে বাছি লৈছে।কংথং গাঁওখনে পৰ্যটনৰ ক্ষেত্ৰতো প্ৰসাৰ লাভ কৰিছে।কংথং গাঁওখন স্বচ্ছতাৰ ক্ষেত্ৰতো বিশেষ ভাৱে আগবঢ়াৰ  লগতে গাঁও খনৰ সমীপৱৰ্তী পাহাৰত ট্ৰেকিঙৰো সুবিধা আছে । কংথং গাঁৱৰ ৫০০ বছৰীয়া পৰম্পৰাৰ বাবে আজি সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে ।

Leave A Reply

Your email address will not be published.