অকলেই বিদ্যালয়ে বিদ্যালয়ে গছপুলি ৰোপন কৰিব

0 281

বায়ুমণ্ডলত সংঘটিত হৈ থকা ভয়াবহ প্ৰদূষণ ৰোধ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে বৰ্হিৰাজ্যৰ এজন ব্যক্তিয়ে ।কাৰ্তিক প্ৰসান নামৰ  ব্যক্তিজনে প্ৰকৃতি সংৰক্ষণৰ বাবে প্ৰচেষ্টা চলাইছে।সুদূৰ তামিলনাডুৰ কাৰ্তিক প্ৰসান গুৱাহাটী মহানগৰৰ সমীপৰ ডিগাৰু বায়ুসেনা শিবিৰত কৰ্মৰত ।আজিৰ পৰা ৫বছৰ মান সময়ৰ আগতে ৰহাৰ লাওফুলাবৰী গাঁৱৰ এগৰাকী যুৱতীৰ লগত বিবাহ পাশত আৱদ্ধ হৈ সম্প্ৰতি লাওফুলাবৰী স্থায়ী বাসিন্দা হৈ পৰে । বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ প্ৰতি থকা অসীম প্ৰেমৰ বাবে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰা প্ৰদূষণক লৈ উদ্বিগ্ন তেওঁ মন। মনৰ মাজত উদ্ভৱ হোৱা উদ্বিগ্নতাক প্ৰতিৰোধ কৰিব নোৱাৰি নিজৰ একক প্ৰচেষ্টাৰে আগবাঢ়িছে ব্যয়বহুল,অসাধ্য যেন লগা এক অভিযানত। দৃঢ়মনা কাৰ্তিক প্ৰসানে এই অভিযান আৰম্ভ কৰিব বিচাৰিছে মধ্য অসমৰ মৰিগাঁও জিলাৰ পৰা। উজনি অসমলৈ অভিযান আৰম্ভ কৰিব বিচৰা কাৰ্তিক প্ৰসানে মধ্য অসম আৰু উজনি অসমত থকা যিমান বোৰ বিদ্যালয় আছে প্ৰত্যেক খন বিদ্যালয়তে সুবিধা অনুযায়ী ৰোপন কৰিব ঔষধি আৰু অন্যান্য গছ। সেউজীয়াকৰণ কৰিব প্ৰতিখন প্ৰাকপ্ৰাইমাৰী,প্ৰাথমিক আৰু হাইস্কুল।ৰোপণ কৰিব লগা বৃক্ষ ৰোপণৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে কাৰ্তিক প্ৰসানে। মৰিগাঁও জিলাৰ চৰাইবাহী অঞ্চল পৰিভ্ৰমণ কৰি প্ৰকৃতিপ্ৰেমীজনে বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলৰ পৰা অনুমতি গ্ৰহণ কৰি যোৱা দুদিন ধৰি বৃক্ষৰোপণৰ অভিযানত বিদ্যালয়ে বিদ্যালয়ে নামি পৰিছে। নিজৰ একক প্ৰচেষ্টাৰে বৃক্ষ ৰোপণৰ সংকল্প লৈ নামি পৰা কাৰ্তিক প্ৰসানৰ এই পদক্ষেপক বিভিন্ন মহলে আদৰণি জনাইছে আৰু প্ৰতিখন বিদ্যালয়ৰ চৌহদ সেউজীয়াকৰণৰ মহৎ লক্ষ্যত উপনীত হোৱাৰ কামনা কৰিছে।সহযোগ কৰিলে ৰিতুমণি মহন্তই  

Leave A Reply

Your email address will not be published.