প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে শিৱসাগৰ কালুগাঁও অঞ্চলৰ এটা পৰিয়ালে।জানি সুখী হ’ব যে পৰিয়ালটোৱে নিজা প্ৰচেষ্টাত ঘৰতে মিনি জু তৈয়াৰ কৰিছে।অৰণ্যম শীৰ্ষক মিনি জু খনত বিভিন্ন পশু পক্ষীৰ লগতে উদ্ভিদ আছে।শিৱসাগৰ চহৰৰপৰা ৭ কিলো মিটাৰ নিলগত অৱস্থিত হাতীমুৰীয়া পৰিয়ালটোৱে তৈয়াৰ কৰা মিনি জু চাবলৈ বিভিন্ন প্ৰকৃতিপ্ৰেমীৰ সমাগম হয়।বিভিন্ন প্ৰজাতিৰ পক্ষীৰ পৰা আৰম্ভ কৰি ঔষধিসম্পন্ন উদ্ভিদ লৈকে মিনি জুত সংগ্ৰহিত হৈ আছে ।এই সম্পৰ্কে সমীৰণ হাতীমুৰীয়াই আমাক এনেদৰে কয়-অৰণ্যম স্থাপন হৈছিল ২০০৮চনত ।দেউতাই প্ৰথম অৱস্থাত আঘাত পোৱা জন্তু ,পক্ষী সমূহ উদ্ধাৰ কৰি চিকিৎসা কৰিছিল।আৰু সেই সূত্ৰে আমাৰ সকলোৰে প্ৰকৃতিৰ লগত যোগসূত্ৰ আছে ।আৰু এনে এটা টানতেই অৰণ্যমৰ জন্ম হ’ল।আমাৰ অৰণ্যমত বিভিন্ন প্ৰজাতিৰ পক্ষী যেনে হাঁহ,পাৰ,কুকুৰা,ইমু,বতা চৰাই, ভাটৌৰ লগতে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে ।উল্লেখযোগ্য যে তেওঁলোকে ব্যৱসায়িক ভাৱেও বিভিন্ন কাম কাজ আৰম্ভ কৰিছে।যি সময়ত প্ৰকৃতি সুৰক্ষা বিষয়টো গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে, সেই সময়তে হাতীমুৰীয়া পৰিয়ালটোৱে গ্ৰহণ কৰা পদক্ষেপে ইতিবাচক বতৰা কঢ়িয়াইছে।সহযোগ কৰিলে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী