সমাগত ৰাস মহোৎসৱ।সত্ৰ নগৰী মাজুলীত উখল মাখল পৰিবেশ ।নিমাতি ঘাটতোও দেখা গ’ল ৰাস মহোৎসৱলৈ আদৰাৰ প্ৰস্তুতি ।সত্ৰীয়া সংস্কৃতিৰে জীপাল মাজুলীত বিভিন্ন ঠাইত ৰাসৰ প্ৰস্তুতি চলাইছে ।কিন্তু পূৰ্বৰ বছৰতকৈ অতিথি, পৰ্যটকৰ আগমন হোৱা কমকৈ পৰিলক্ষিত হৈছে।ইয়াৰ মূল কাৰণ জানিব বিচৰাত এজন ব্যক্তিয়ে এনেদৰে কয়-মাজুলীৰ ৰাস পৃথিৱী বিখ্যাত ।ৰাসৰ নৃত্য, গীতৰ সুকীয়া মাদকতা আছে।আজি কালি ৰাস সকলো ঠাইতে হয়, সেয়েহে অতিথিৰ সংখ্যা কমিছে।পিছে মাজুলীবাসীয়ে নিজৰ পৰম্পৰা, ঐতিহ্য পৰম্পৰা সদায় জীয়াই ৰাখিব।কাৰণ মাজুলীৰ ৰাসৰ সুকীয়া বৈশিষ্ট্য আছে ।বৃক্ষ ৰোপনৰে সুকীয়া পৰিচয় জিনিছে খাজানপাৰা গাঁওবাসীয়ে।অঞ্চলটোৰ প্ৰায় বোৰ মানুহৰ ঘৰৰ সন্মুখত পৰিলক্ষিত হ’ল একোজোপাকৈ বৃক্ষ।উন্নয়ন হৈছে মাজুলীৰ বাট পথ।পঞ্চায়ত নিৰ্বাচনৰ এক পৰিবেশো মাজুলীত পৰিলক্ষিত হ’ল।ব্ৰহ্মপুত্ৰ খন পূৰ্বৰ তুলনাত শুকাইছে।শুকান বালিস্বতে নৈপৰীয়াবাসীলৈ অশনি সংকেত কঢ়িয়াইছে।গৰিষ্ঠ সংখ্যক দাবী ফেৰী নহয়, দলং লাগে ।এয়া আছিল মাজুলীৰ দুখৰীয়া ছবি।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন