মেগমাৰ শাখা মুকলি

0 446

মুম্বাইস্থিত মেগমা এই চডি আই জেনেৰেল ইন্সিউৰেন্স চমুকৈ মেগা এইচডিআইয়ে গুৱাহাটীত ইয়াৰ প্ৰথমটো শাখা মুকলি কৰি উত্তৰ পূৰ্বাঞ্চলৰ বজাৰত প্ৰথমবাৰলৈ প্ৰৱেশ কৰিছে।এই শাখাটোৰ জৰিয়তে মেগমা এইচডিআইয়ে উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰমবৰ্দ্ধমান বীমাৰ বজাৰখনত খোপনি পোতাৰ প্ৰয়াস কৰিছে।এই নতুন শাখাটোৰ সৈতে মেগমা এইচডিআইয়ে বৰ্তমানে ভাৰতত ১৩০ টা কাৰ্য্যকৰী শাখা হ’ল।পৰৱৰ্তী বিত্তীয় বৰ্ষত উদ্যোগটোৱে মেঘালয় আৰু ত্ৰিপুৰাতো শাখা মুকলি কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।মেগমা এইচডিআইয়ে গাড়ী ,স্বাস্থ্য, গৃহৰ বীমাৰ সুবিধা প্ৰদান কৰে।ইয়াৰ উপৰিও উদ্যোগটোৱে গ্ৰাহকৰ প্ৰয়োজন অনুসৰি বীমা পলিচি সুবিধা প্ৰদান কৰে।আজি মহানগৰীৰ হোটেল গ্ৰেটৱেত অনুষ্ঠিত এক সংবাদ মেলত এই কথা জানিবলৈ দিয়ে ।উল্লেখযোগ্য যে মেগমা হ’ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পঞ্জীকৃত এনে এক উদ্যোগ ,যিটো উদ্যোগে তিনি দশক ধৰি কাম আছে।

Leave A Reply

Your email address will not be published.