শিৱসাগৰ যুৱদলত দেওবাৰে উদীয়মান চিত্ৰশিল্পীৰ সহায়ক হোৱাকৈ প্ৰকাশ কৰা চিত্ৰ কলা পাঠ্যক্ৰম সম্পৰ্কীয় এখন বিশেষ গ্রন্থ উন্মোচন কৰা হয়। ইলোৰা ভাগৱতীৰ”A HANDBOOK OF FINE ARTS “নামৰ এই গ্রন্থ খনি উন্মোচন কৰে এনামুদ্দিন আহমেদে। গ্ৰন্থ উন্মোচন কৰি আহমেদে এই গ্ৰন্থখনে চিত্ৰকলা সন্দৰ্ভত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী সকলক প্ৰভূত পৰিমাণে উপকৃত কৰিব বুলি নিজ ভাষণত উল্লেখ কৰে। কলাৰ সাধনা আৰু সুন্দৰৰ আৰাধনাই সমাজ শৃংখলিত কৰাৰ লগতে সুস্থ সমাজ সৃষ্টিত অৰিহনা যোগাই বুলি আহমেদে ব্যক্ত কৰে।এই অনুষ্ঠানতে প্ৰতিভায়ন চিত্ৰকলা নিকেতনৰ দ্বাৰা আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত কৃৰ্তিত্ব প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰী সকলক পুৰস্কৃত কৰা হয়। শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে। প্ৰতিভায়ন চিত্ৰকলা নিকেতনৰ সম্পাদিকা মুজিদা বেগমে আঁত ধৰা অনুষ্ঠানটিতে উত্তৰণ যাদুঘৰৰ দুৰ্লভ বৰাক সম্বৰ্ধনা জনোৱা হয়।উল্লেখযোগ্য যে দুৰ্লভ বৰাই বিগত এটা দশকৰো অধিক সময় ধৰি কৰা প্ৰচেষ্টাৰ জৰিয়তে উত্তৰণ নামৰ যাদুঘৰটো গঢ়ি তুলিছে। অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰা বিভিন্ন সমল সংগ্ৰহ কৰি বৰাই নিজ প্রচেষ্টাত শিৱসাগৰ নগৰৰ জয়সাগৰত প্ৰতিষ্ঠা কৰা ‘উত্তৰণ’ নামৰ যাদুঘৰটিয়ে অসম তথা উত্তৰ পূবৰ হেৰাই যোৱা ইতিহাসক অতি সুন্দৰ ভাবে সংৰক্ষণ কৰিছে।খবৰ যুুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে ।
Trending
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান