বিদেশৰ উচ্চ হাৰৰ চাকৰি পৰিত্যাগ কৰি এগৰাকী মহিলাই দেশ ভ্ৰমিছে।নিজৰ বাবে নহয়, সমাজৰ বাবে, দেশৰ বাবে চিন্তা কৰি তেওঁৰ এই যাত্ৰা।জানি সুখী হ’ব যে তামিলনাডুৰ সংগীতা শ্ৰীধৰ নামৰ মহিলাগৰাকীয়ে অকলশৰে এক মিছনৰ অংশীদাৰ হৈছে।দেশৰ চহৰ নগৰ ভ্ৰমণ কৰি অনাময় ব্যৱস্থা,স্বচ্ছতা,ৰাস্তা পথ আৰু যুৱশক্তিৰ কৰ্মদক্ষতা বুজ লৈছে।বিশেষকৈ নাৰীৰ সুৰক্ষাৰ সম্পৰ্কে বুজ লৈছে ।ইতিমধ্যে সংগীতাই ৩০০ৰো অধিক চহৰ ৩৬৬দিনত পৰিভ্ৰমণ কৰি আজি তেজপুৰত উপস্থিত হওতে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে- ভাৰতৰ সকলো প্ৰান্তৰ মানুহে অতিথিক দেৱতাৰ জ্ঞান কৰে।অসমলৈ আহি অভিভূত হৈছো।অসমৰ জৈৱ বৈচিত্ৰ্য, শুৱালকুছিৰ বয়ন শিল্প, গুৱাহাটীৰ কামাখ্যা আৰু তেজপুৰৰ পৰিস্কাৰ পৰিচ্ছন্নতা, সেউজ পৰিবেশ চাই মুগ্ধ হৈ পৰিছো।অসমৰ নদ নদীৰ ফটফটীয়া পানীয়ে ৰাজ্যখনৰ স্বচ্ছতাৰ কথাৰ স্পষ্ট কৰে।তেওঁৰ মতে আমাৰ দেশৰ খাদ্য পদ্ধতি স্বাস্থ্যসন্মত আৰু অনাময় ব্যৱস্থাও পশ্চিমীয়া ব্যৱস্থাতকৈ বিজ্ঞানসন্মত ।সংগীতা শ্ৰীধৰ যাত্ৰাই নতুন মাত্ৰা প্ৰদান কৰক।আমাৰ অলেখ শুভকামনা থাকিল ।সহযোগ কৰিলে তেজপুৰৰ পৰা ধ্ৰুৱ জ্যোতি নাথে ।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন