স্থানীয় পৰ্যটন প্ৰসাৰ কৰা আৰু বি টি চিৰ সংস্কৃতিক আন্তৰাষ্ট্ৰীয় পৰ্য্যায়লৈ যোৱাৰ উদ্দেশ্য আগত ৰাখি তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে দেইজিং ফেষ্টিভেল।চিৰাঙৰ হাগ্ৰামা ব্ৰীজ সমীপত আই নদীৰ পাৰত অনুষ্ঠিত হ’ব লগা ফেষ্টিভেলটোত বড়ো জনজাতি আৰু উত্তৰ পূূূবৰ কলা সংস্কৃতি প্ৰদৰ্শন হ’ব ।ইয়াৰ উপৰিও এই ফেষ্টিভেলটোত ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কলা প্ৰদৰ্শিত কৰিব ।এই সম্পৰ্কে মহানগৰীৰ হোটেল নভ’টেলত আয়োজিত এক সংবাদ মেলত পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম কয় যে এই ফেষ্টিভেল তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ব। দ্বিতীয়বাৰৰ অনুষ্ঠিত কৰোতে প্ৰায় ৮লাখ লোকৰ সমাগম হৈছিল ।দেইজিং ফেষ্টিভেল নদীকেন্দ্ৰিক এক ফেষ্টিভেল।ইয়াত পৰম্পৰাগত খাদ্য সংস্কৃতিৰ,ক্ৰীড়া অনুষ্ঠিত হ’ব ।এই ফেষ্টিভেলটো আয়োজন কৰা মূল উদ্দেশ্য হ’ল পৰ্যটন আৰু সংস্কৃতিক প্ৰসাৰ ঘটোৱা।আনহাতে সংবাদ মেলখনত উপস্থিত থাকি অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে দেইজিঙত দুঃসাহসিক ক্ৰীড়াৰ লগতে হট এয়াৰ বেলুন, হেলিকপ্টাৰ ৰাইদিং আদিবোৰত অংশ লোৱা সুযোগ পাব।ইয়াৰ উপৰিও বহুতো নামী দামী গায়কে সংগীত অনুষ্ঠান পৰিৱেশন কৰিব।এইবাৰৰ দেইজিং ফেষ্টিভেলৰ মূল আকৰ্ষণ হিমেশ ৰেশমিয়া, কৈলাশ খেৰ, মল্লিকা আৰোৰা খান ।জানিব পৰা মতে অহা ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব|
Trending
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ