এখন ৮৮ ফুট দৈৰ্ঘ্যৰ গামোচা।এই বিশেষ গামোচাখনত ৫১ খন জিলা সমিতিৰ নাম লিপিবদ্ধ কৰিছে।জাতীয় ঐক্য, সংহতিৰ পৰিচয় বহন কৰা গামোচাখন চাবলৈ অসংখ্য লোকৰ সমাগম হৈছে।উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক বাৰ্ষিক অধিবেশনত গামোচাখন প্ৰদৰ্শিত হ’ব।অহা ৬ ফেব্ৰুৱাৰী পৰা ৯ফেব্ৰুৱাৰীলৈ মৰিগাঁও চহৰৰ সমীপৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰৰ মূল মণ্ডপত এই বিশেষ গামোচাখন আঁৰিব। বসুমতী পাটৰ নাম শিপিনীগৰাকীৰ নেতৃত্বৰ এটা দলে গামোচাখন আজি ৬মাহ ধৰি তাঁতশালত বৈ আছে।এই বিশেষ গামোচাখন শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও জিলাৰ অধিবেশনৰ অন্যতম আকৰ্ষণ হ’ব বুলি আদৰণি সমিতিয়ে মত প্ৰকাশ কৰিছে ।জাতিৰ জটিল সন্ধিক্ষণত এই গামোচাখনে সমন্বয়ৰ বাৰ্তা বহন কৰিছে।সহযোগ কৰিলে মৰিগাঁৱৰ পৰা ৰিতুমণি মহন্তই ।
Trending
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত