চাহ জনজাতিৰ লোকসকলক বাদ দি অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ কথা কল্পনা কৰিব নোৱাৰি ।উপযুক্ত শৈক্ষিক পৰিবেশৰ অভাৱৰ বাবে বহু ছাত্ৰ ছাত্ৰীয়ে স্কুল এৰে।সেউজ গ্ৰন্থমেলাৰ জৰিয়তে চাহ জনগোষ্ঠীক সামাজিক মৰ্যাদা দিয়া হৈছে ।এই মন্তব্য ডক্টৰ জয়ন্ত মাধৱ বৰাৰ।বোকাখাতত কালিৰে পৰা অনুষ্ঠিত হোৱা অসম প্ৰকাশন পৰিষদৰ সেউজ গ্ৰন্থমেলা মুকলি কৰি এইদৰে মন্তব্য কৰে।বোকাখাতৰ গড়মূৰ হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে কয় যে এটি কলি দুটি পাতে গজালি মেলিলে যেনেদৰে মনত অপাৰ আনন্দ জাগে।তেনেদৰে সেউজ গ্ৰন্থমেলাও পুলকিত কৰি তুলিছে ।অনুষ্ঠানৰ লগত সংগতি ৰাখি গ্ৰন্থ উন্মোচন ,আলোচনাচক্ৰ, আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।পল্লৱ লোচন দাস, কামাখ্যা প্ৰসাদ তাচাৰ লগতে বহুকেইজন ব্যক্তি উপস্থিত থাকে।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন