অসমত প্ৰায় সংখ্যক উদ্যমীয়ে নতুন ধাৰণাৰে অগ্ৰসৰ হৈছে ।এইষাৰ কথা পুনৰ বাৰ প্ৰমাণ কৰি দেখুৱাইছে ডিব্ৰুগড়ৰ কেইজনমান উদ্যমীয়ে।ডিব্ৰুগড় চহৰৰ জ্ঞান বৰা, ভাস্কৰ বৰপূজাৰী আৰু এজন সহযোগীৰ প্ৰচেষ্টাত মিল্ক এ. টি এম সেৱা আৰম্ভ কৰাৰ যো জা চলাইছে।জানিব পৰা মতে কালিলৈ পৰা মিল্ক এ টি এমৰ জৰিয়তে ডিব্ৰুগড় বাসীয়ে গাখীৰ ক্ৰয় কৰিব পাৰিব।বি এন বি এণ্টাৰপ্ৰাইজৰ উদ্যোগত আৰম্ভ হ’বলগীয়া সেৱাৰ সম্পৰ্কত জ্ঞান বৰাই কয় যে গ্ৰাহকে প্ৰথমে ৫০ টকা মূল্যৰে কাৰ্ডখন পঞ্জীয়ন কৰিব লাগিব ।কাৰ্ডখন ৰিচাৰ্জ কৰি নিজৰ ইচ্ছা অনুসৰি ক্ৰয় কৰিব পাৰিব।পুৱা ভাগত ৫বজা পৰা ৭বজালৈ আৰু আবেলি ৪বজাৰ পৰা ২ঘণ্টাৰ বাবে এই বিশেষ মিল্ক এ টি এম সেৱা লাভ কৰিব ।উল্লেখযোগ্য যে মিল্ক এ টি এমত উপলব্ধ প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৬৬ টকা।ডিব্ৰুগড় চহৰৰ মুখ্য পথত এই সেৱাৰ ব্যৱস্থা থাকিব বুলি জানিব পৰা গৈছে ।ইতিমধ্যে দেশৰ মুখ্য চহৰত এই ধৰণৰ সেৱা উপলব্ধ আছে ।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা