বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু

0 44

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত বেলতলাস্থিত এৰিনা-২৮ত দেওবাৰে আৰম্ভ হোৱা জিপিচি মিডিয়া ফুটছাল প্ৰতিযোগিতাত পুৰুষ শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে অসম লাইভ ২৪, আচাম টকছ আৰু এন ই ভাৰত ২৪। মহিলা শাখাত ডিৱাই ৩৬৫য়ে ফাইনেলত স্থান নিশ্চিত কৰাৰ বিপৰীতে দ্বিতীয়খন ছেমি ফাইনেলত প্ৰাগ নিউজৰে মুখামুখি হ’ব আচাম টকছ। পুৰুষ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত আচাম টকছে টাইব্ৰেকাৰত নিউজ১৮ এফ চিক পৰাস্ত কৰে। আনহাতে, এন ই ভাৰত ২৪ৰ দলে ডিৱাই ৩৬৫ক ৫-২ গ’লত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। অসম লাইভ ২৪য়েও টাইব্ৰেকাৰত অসম ট্ৰিবিউনক পৰাস্ত কৰি অন্তিম চাৰিত স্থান লাভ কৰে। ইয়াৰ পূৰ্বে দ্বিতীয় ৰাউণ্ডৰ খেলত ৰূপক বৈশ্যৰ হেট্ৰিক গ’লেৰে গুৱাহাটী প্ৰেছ ক্লাবৰ পুৰুষ দলে ভিডিঅ’ জাৰ্নেলিষ্ট গুৱাহাটীক ৪-১ গ’লত পৰাস্ত কৰে। আন এখন খেলত আচাম ট্ৰিবিউনে পূৱ গুৱাহাটী প্ৰেছ ক্লাবক ৩-১ গ’লত পৰাস্ত কৰে। দুদিনীয়া এই প্ৰতিযোগিতাত পুৰুষ শাখাত ২০টা আৰু মহিলা শাখাত ৬টা দলে অংশগ্ৰহণ কৰিছে।
সোমবাৰে অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। প্ৰাইজমানী প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত শ্ৰেষ্ঠ খেলুৱৈ, সৰ্বাধিক গ’লদাতা, শ্ৰেষ্ঠ গ’লৰক্ষক আৰু ফেয়াৰ প্লে’ ট্ৰফী প্ৰদান কৰা হ’ব বুলি জনাই প্ৰেছ ক্লাৱৰ ক্ৰীড়া সম্পাদক দীপাংকৰ দাসে। উল্লেখ্য যে, এই প্ৰতিযোগিতাই গুৱাহাটীৰ সংবাদ মাধ্যমৰ লোকসকলৰ মাজত ব্যাপক উৎসাহ আৰু উদ্দীপনাৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.