আনন্দ উচাহেৰে উদযাপিত হ’ল ভোগালী বিহু

0 289

সমগ্ৰ ৰাজ্যতে উলহে মালহে আজি উদযাপিত হ’ল বাপতি সাহোন ভোগালী বিহু ।পৰম্পৰা ৰক্ষা কৰি অসমীয়া ৰাইজে পুৱতি নিশা মেজি জ্বলায়।ইজনে সিজনৰ ঘৰলৈ গৈ বিহুৰ শুভেচ্ছা জনায় ।কনিষ্ঠ জনে জ্যেষ্ঠজনৰ আশীষ গ্ৰহণ কৰি মংগল কামনা কৰে।এই বিহু যিহেতু ভোগৰ বিহু, নানা জা জলপান,পিঠা পনা আদি সমাহাৰ এই বিহুত হয়।পুৱাৰ ভাগত অগ্নি দেৱতাক সেৱা কৰি প্ৰতিজন অসমীয়াই মংগল কামনা কৰে।ঠাইবিশেষে আজিৰ দিনটোত ৰচি টনা, টেকেলি ভঙা, গছ বগোৱা, কণী যুঁজ আদি কৰি পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হয়।অসমীয়া ৰাইজে আনন্দ উচাহৰ মাজেৰে ভোগালী বিহু উদযাপন কৰে ।

Leave A Reply

Your email address will not be published.