আজি শিল্পী দিৱস।ৰূপকোঁৱৰ জ্যোতি প্ৰসাদৰ আগৰৱালাৰ মৃত্যু দিৱস।অসমীয়া চলচিত্ৰ জগতৰ অন্যতম হোতা শিল্পীগৰাকীয়ে অসমত জয়মতী কথাছবিয়ে অসমৰ চলচিত্ৰক সমৃদ্ধ কৰি তুলিছিল ।তেখেতে গানেৰে অসমীয়া ভাষা, কৃষ্টিক উজ্জীৱিত কৰি তুলিছিল।তেখেতৰ প্ৰায় বোৰ গানত অসমৰ সমাজ জীৱনৰ মাটিৰ গোন্ধ প্ৰবাহিত হয়। তেখেতে লিখিছিল -অ’ আমাৰ গাও, আমাৰ গাঁৱৰ মান ৰাখি, মৰিবলৈ যাও আমি, মৰিবলৈ যাও।অসমৰ ডেকা শক্তিয়ে তেখেতৰ গানত প্ৰাণ ঘূৰাই পাইছিল, চেতনা ঘূৰাই পাইছিল।গানেৰে স্বদেশ, স্বজাতিক ভাল পাবলৈ শিকাইছিল।আজিৰ দিনত তেখেতৰ গানৰ প্ৰাসংগিকতা যথেষ্ট আছে।বিশেষকৈ জাতীয় চেতনা উদ্বুদ্ধ কৰা সকলো সমল তেখেতৰ গানত নিহিত আছে।সেয়ে যুগে যুগে তেখেত অমৰ হৈ ৰ’ব, অসমবাসীয়ে চিৰদিন স্মৰণ কৰিব।আজি শিল্পী দিৱসৰ দিনা একলম লিখি এন ফ’কাচ ডট কমৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিলো ।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী