উদ্যমীসকলক উৎসাহিত কৰা তথা সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্য আগত ৰাখি আৰম্ভ হ’ল অসম ষ্টাৰ্ট আপ-দ্যা নেষ্ট শীৰ্ষক এটা ইনকিউবেশ্বন কেন্দ্ৰ ।মহানগৰীৰ আমবাৰীত আজি এই কেন্দ্ৰটো মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যুৱশক্তিক গঢ় দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্ট আপ ইণ্ডিয়াৰ নিচিনা আঁচনি হাতত লৈছে।অসমত বহুতো প্ৰতিভাৱান যুৱক যুৱতী আছে।অসমত কৰ্মসংস্কৃতি গঢ় দিলেহে দেশৰ ভিতৰত শীৰ্ষ স্থান অধিকাৰ কৰিব।বিশ্ব বিনিয়োগ সন্মিলনৰ জৰিয়তে অসমৰ ৫০হাজাৰো অধিক নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিলে।আনহাতে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে অ’লা, উৱেৰ যিদৰে সমগ্ৰ দেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে, ঠিক সেইদৰে উদ্ভাৱন মূলক ধাৰণা সৃষ্টি কৰিবলৈ উদ্যমী সকল যত্নপৰ হওক।আমাৰ লক্ষ্য কেৱল সংস্থাপন দিয়াই নহয়, বেলেগক সংস্থাপিত কৰিবলৈ দক্ষ,যোগ্য কৰি তোলা।উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ষ্টাৰ্ট আপৰ এটা ৱেবচাইট মুকলি কৰে।অনুষ্ঠানত ষ্টাৰ্ট আপৰ লগত বহুকেইগৰাকী ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন