ৰাজ্যৰ ভিতৰতে সৰ্বাধিক হাৰত বাল্য বিবাহ হয় ধুবুৰী জিলাত। চৰকাৰী এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি প্ৰতি দ্বিতীয় ছেকেণ্ডত ধুবুৰী জিলাত বাল্য বিবাহৰ দৰে ঘটনা সংঘটিত হয়। এই মন্তব্য সমাজ কল্যাণ বিভাগৰ জিষ্ঞু বৰুৱাৰ। আজি ষ্টাফ কলেজত আয়োজিত ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্যক্ৰমৰ অনুষ্ঠানত তেখেতে এইদৰে কয় যে ১১ খন বিভিন্ন জিলাত চাইল্ড লাইনৰ সেৱা সক্ৰিয় হৈ আছে যদিও ধুবুৰী জিলাত এই সেৱা এতিয়ালৈ উপলব্ধ হোৱা নাই। শিশু স্বাস্থ্য সুৰক্ষাৰ বাবে চৰকাৰে ৪ কোটি টকা আগবঢ়াইছে। উল্লেখ্য যে অনুষ্ঠানত কিদৰে কিশোৰ কিশোৰী সামাজিক নিৰাপত্তা সুৰক্ষিত কৰিব সেই সম্পৰ্কে বিভিন্নজনে বক্তব্য ৰাখে। অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ইউনিচেফ, শিশু সুৰক্ষা আয়োগ আদিৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ।
Trending
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ