দুঃসাহসিক ক্ৰীড়া শিকিব নেকি? প্ৰশিক্ষণ চলি আছে

যোৱা ২২ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ অনুষ্ঠিত হৈছে সদৌ অসম ৰক ক্লাইম্বিং আৰু দুঃসাহসিক শিবিৰ।১৫ সংখ্যক এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে অসম ৰক এণ্ড স্প’ৰ্ট ক্লাইম্বিংএছ’চিয়েছনে।এই শিবিৰত অসমৰ ভিন্ন প্ৰান্তৰ মুঠ ২৭ জন যুৱক যুৱতীয়ে অংশগ্রহণ কৰিছে।গুৱাহাটীৰ দাঁতি কাষৰীয়া বিভিন্ন শৈলক্ষেত্র আৰু পাহাৰীয়া অঞ্চলসমূহত প্ৰশিক্ষাৰ্থীসকলক প্ৰাকৃতিক আৰু কৃত্রিম শৈলাৰোহনৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।তাৰোপৰি পাহাৰীয়া নদী পাৰ হোৱাৰ কৌশল, জংগল ট্ৰেকিং,জংগলত নৈশযাপন কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰি থকা চাবলৈ বহু লোকে ভিৰ কৰিছেহি।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে.. 

Comments (0)
Add Comment