ভাৰত পৰ্যটনৰ উদ্যোগত মাস্ক বিতৰণ

ক’ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে বিভিন্নজনে বিভিন্নধৰণে প্ৰচেষ্টা হাতত লৈছে।
 
ব্যতিক্ৰম ৱ’মেন এমপাৱাৰমেণ্ট আৰু ট্ৰেইনিং চেণ্টাৰেও ইতিমধ্যে মাস্কৰ প্ৰস্তুত কৰি উলিয়াইছে। শুক্ৰবাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইৰ জনসাধাৰণৰ  মাজত ক’ৰণাৰ বিৰূদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে তেওঁলোকে প্ৰস্তুত কৰা মাস্ক বিতৰণ কৰে।মাস্ক বিতৰণৰ কাৰ্য্যসূচীত অংশ লয় ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ আঞ্চলিক সঞ্চালক শংখ শুভ্ৰ দেৱবৰ্মনে।উল্লেখযোগ্য যে  সঞ্চালক দেৱ বৰ্মন বিভিন্ন সামাজিক সেৱা মূলক কামৰ লগত জৰিত হৈ আছে।

Comments (0)
Add Comment