সমাজকৰ্মী তথা বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ড° দিব্যজোতি শইকীয়াক গুৰু দায়িত্ব অৰ্পণ সত্ৰ মহাসভাৰ

সমাজকৰ্মী তথা বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ড° দিব্যজোতি শইকীয়াক সমন্বিত যুৱ তীৰ্থ অসমৰ মুখ্য উপদেষ্টাৰ দায়িত্ব অৰ্পণ কৰিলে অসম সত্ৰ মহাসভাই । অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীৰ নিৰ্দেশ মৰ্মে আজি গুৱাহাটীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড° শইকীয়াক এই গুৰু দায়িত্ব অৰ্পণ কৰে মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই ।আগন্তুক দুটা কাৰ্যকালৰ বাবে ড° শইকীয়াক এই গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে ।উল্লেখ্য যে ড° শইকীয়া সমন্বিত যুৱ তীৰ্থ অসমৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ।

Comments (0)
Add Comment