সামৰণি পৰিল গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহ ২০মাৰ্চত সামৰণি পৰে।২০ মাৰ্চত বিশ্ববিদ্যালয়ৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথে ।শোভাযাত্ৰাত ভাগ লোৱা ছাত্ৰ ছাত্ৰী সকলে অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।ইয়াৰ উপৰিও বিয়লি বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহত বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ।স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি লাকীমণি বৰুৱাৰ আদৰণি ভাষণৰে আৰম্ভ হোৱা সভাৰ আঁত ধৰে সাধাৰণ সম্পাদক নৱজ্যোতি গগৈয়ে।সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মৃদুল হাজৰিকা,শ্ৰেণী সমূহৰ সচিব হেমন্ত কুমাৰ নাথ ,ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ ৰঞ্জন কাকতি,সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ,সাদিন কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে বিশ্ববিদ্যালয় প্ৰতিযোগিতাত বিজয়ী সকলক বঁটা প্ৰদান কৰে।উল্লেখযোগ্য যে এইবাৰ বিশ্ববিদ্যালয়ৰ সপ্তাহত শ্ৰেষ্ঠ গায়ক, জ্যোতিষ্মান মৰাণ আৰু হিমাদ্ৰী শৰ্মাই মিষ্টাৰ ইউনিভাৰচিটি, জ্যোতিময় দেউৰজাই শ্ৰেষ্ঠ অভিনেতা, জুৰি কাশ্যপে শ্ৰেষ্ঠ অভিনেত্ৰী ,শ্ৰেষ্ঠ নাট্যদলৰ অসম আৰ্হিৰ নং ছাত্ৰাবাসে, অৰ্চনা শৰ্মাই শ্ৰেষ্ঠ মূকাভিনেতা আৰু নিৰাজ পাডুলে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।নিশাভাগত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানে বিশ্ববিদ্যালয়ৰ সপ্তাহৰ সামৰণি পৰে।

Comments (0)
Add Comment