সৰ্প উদ্ধাৰৰ কামত ব্ৰতী আছে সৰ্পবান্ধৱ

শোণিতপুৰৰ বালিপৰা সংৰক্ষিত বনাঞ্চলত কেইবাটাও সাপ মুকলি কৰি দিয়ে সৰ্প বান্ধৱ সৌৰভ বৰকটকীয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা ভংয়কৰ বানত উটি আহি তেজপুৰ চহৰৰ বহু লোকৰ ঘৰত প্ৰবেশ কৰা ২ টা প্ৰকাণ্ড অজগৰ, এডাল বিষাক্ত ৰজা ফেঁটি আৰু এটা  গুঁই সাপ উদ্ধাৰ কৰি  বালিপৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। উল্লেখ্য যে সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে এতিয়ালৈকে তিনি হাজাৰতকৈও অধিক বিষাক্ত সাপ শোণিতপুৰ জিলাৰ ভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰিছে বুলি জানিব পৰা গৈছে।

Comments (0)
Add Comment