অভিলেখ গঢ়িলে কামৰূপ জিলা পৰিবহন বিভাগে

আমিনগাঁওস্থিত কামৰূপ জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ে দেশজুৰি চলি থকা লকডাউনৰ মাজতো ৩১মাৰ্চত সামৰণি পৰা ২০১৯-২০ বিত্তীয় বৰ্ষত অভিলেখ পৰিমাণৰ ৪১. ০২ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।ইয়াৰ পূৰ্বে ২০১৮-১৯ বৰ্ষত কামৰূপ জিলাত সংগ্ৰহিত ৰাজহৰ পৰিমাণ আছিল ৩১, ৬২, ৩৯, ৮৩৮টকা।
 
 
 
অৰ্থাৎ বিগত বৰ্ষতকৈ প্ৰায় ৯. ৪১কোটি টকাৰ ৰাজহ বেছিকৈ সংগ্ৰহ কৰা হৈছে আৰু বৃদ্ধিৰ পৰিমাণ প্ৰায় ৩০ শতাংশ ।তেনেদৰে কাৰ্য্যালয়ৰ ৰাজহ সংগ্ৰহৰ সক্ষমতাৰ হাৰ হ’ল ৯৯. ৭৬ শতাংশ ।কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে এই বাৰ জিলাখনত যি ৪১কোটি টকাকৈ ৰাজহ সংগ্ৰহ কৰা হৈছে সেয়া কাৰ্য্যালয় ৰাজহ সংগ্ৰহৰ ইতিহাসত সৰ্বাধিক ।
 
 
আনহাতে দেশজুৰি চলা লক ডাউনৰ সময়তো  কামৰূপ জিলা পৰিবহন কাৰ্য্যালয়ে কেৱল মাৰ্চ মাহত অভিলেখ পৰিমাণৰ ৫. ১৭ কোটিতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিছে।
 
 
 
লগতে বিষয়া গৰাকীয়ে কয় যে যোৱা ফেব্ৰুৱাৰী মাহত সংবাদ মাধ্যমৰ জৰিয়তে জিলাখনত পঞ্জীয়নভুক্ত হৈ থকা যান বাহনৰ গৰাকী সকলক ৩১মাৰ্চৰ ভিতৰত পথকৰ দিবলৈ আহ্বান জনাইছিল।২৪ মাৰ্চত লকডাউন আৰম্ভ হোৱাৰ আগলৈকে জিলাখনৰ যান বাহন পৰিদৰ্শক ,প্ৰৱৰ্তক,চেকাৰকে ধৰি কৰ্মচাৰীসকলে ৰাজপথত পথকৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে অভিযান চলাইছিল।ফলত বহুতে কাৰ্য্যালয়লৈ আহি বা অনলাইন পদ্ধতিৰে পথকৰ আদায় দিয়াৰ সমান্তৰালভাৱে সকলো পৰ্য্যায়ৰ বিষয়া কৰ্মচাৰীয়ে সামূহিক দায়বদ্ধতাৰে কাম কৰাৰ বাবে ৰাজহৰ পৰিমাণ বৃদ্ধি হৈছে।

Comments (1)
Add Comment
  • Apurba Saikia

    Sir thank you, very good step’s & very good performance…