অম্বুবাচী মেলাৰ খবৰ

সমাগত অম্বুবাচী মেলা। অসমৰ পৰ্যটনৰ ক্ষেত্ৰত এই মেলাই বিশেষ তাৎপ্যৰ্য বহন কৰি আহিছে। অম্বুবাচী মেলা যাতে সুচাৰুৰূপে অনুষ্ঠিত হয় তাৰ বাবে প্ৰশাসন তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। আজি আৱৰ্ত ভৱনত অনুষ্ঠিত কৰা এক সংবাদ মেলত মহানগৰ জিলা উপায়ুক্ত গৰাকীয়ে কয় যে ভক্ত সকলৰ বাবে সৰ্বমুঠ পাঁচটা শিবিৰৰ ব্যৱস্থা কৰা হৈছে। নিশা বাৰ বজাৰ পিছত কামাখ্যা ধামলৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আজিৰ সংবাদ মেলত  আৰক্ষী আয়ুক্ত হীৰেণ নাথে ব্যক্ত কৰে যে  অম্বুবাচী মেলাৰ শুভ উদ্বোধনী অনুষ্ঠান সোনাৰাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব। লেজাৰ টেকনিক পদ্ধতিৰ জৰিয়তে ভক্তৰ সমাগম গণনা কৰা হ’ব। আনহাতে প্রায় ১২০০ কৰ্মীয়ে সহায় সহযোগিতা আগবঢ়াব বুলি আৰক্ষী আয়ুক্ত হীৰেণ নাথে সংবাদ মেলত সদৰী কৰে।

Comments (0)
Add Comment