অম্বুবাচী মেলাৰ খবৰ

অসমৰ পৰ্যটন ক্ষেত্ৰত অন্যান্য মাত্ৰা প্ৰদান কৰা শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী মেলা। সেয়েহে দেশী বিদেশী পৰ্যটকে কামাখ্যা ধাম ভৰি পৰা পৰিলক্ষিত হৈছে। ভিন্ন ঠাইৰ সাধু সন্যাসীয়ে ধ্যান অথবা তপস্যাৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে। জনবিশ্বাস অনুসৰি এই কেইদিন সাধনা কৰিলে সিদ্ধি লাভ কৰিব পাৰি। ভক্তসকলক আদৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ঠাইবিশেষে কেম্পৰ ব্যৱস্থা কৰা হৈছে আৰু নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰ পোন প্ৰথমবাৰৰ বাবে লেজাৰ পদ্ধতিয়ে জনসমাগম গণনা কৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে আজি দিনৰ ১২বজাৰ পৰা জনসমাগম গণনাৰ ব্যৱস্থা কৰিছে। আজি কামাখ্যা ধামত ভি আই পি, ভি ভি আই পি বাবাৰ সমাগম পৰিলক্ষিত হয়। আজি দিনৰ ৪.৩০ মিনিটত কামাখ্যা ধামৰ মূল দ্বাৰ বন্ধ কৰা হয়।

Comments (1)
Add Comment
  • Mantu mahato

    When will open the main gate of Kamakhya tample plzz inform me