অসমত ক’ভিড ১৯ৰ তৃতীয় পৰ্য্যায় আৰম্ভ হৈছে

ভাবিলে ভয় লাগে। সম্প্ৰতি ক’ভিড১৯ৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। যাৰ বাবে অসমত ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৯জনলৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে ক’ৰণা ভাইৰাছ বতাহত ১মিটাৰ দূৰত্বলৈকে উৰি যায়। সেয়েহে মাস্ক পৰিধান কৰাটো অপৰিহাৰ্য হৈ পৰিছে। এই মন্তব্য ৰিজ’নেল দেন্তল কলেজৰ অধ্যক্ষ অতুল চন্দ্ৰ ভূঞাৰ।
 
এটা সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি ক’ভিডত আক্ৰান্ত ১৮শতাংশ ৰোগীৰ শৰীৰত কোনো লক্ষণে ধৰা দিয়া নাছিল। কেৱল পৰীক্ষাৰ দ্বাৰাহে ৰোগী গৰাকীক ক’ৰণাত আক্ৰান্ত বুলি জানিব পৰা যায়।
 
ৰিজ’নেল দেন্তেল কলেজৰ ঘটনাটো হ’ল অলপ বেলেগ ধৰণৰ। উক্ত কলেজখনৰ যিগৰাকী ছাত্ৰীক ক’ৰণাত আক্ৰান্ত বুলি জানিব পৰা গৈছে তেওঁ কলেজখনৰ স্কীনিংৰ ডিউটীত কৰ্তব্যৰত আছিল।
 
 
অধ্যক্ষ গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি মুখত মাস্ক পৰিধান কৰিলেহে ক’ৰণা ভাইৰাছক নিয়ন্ত্ৰণ কৰিব পৰা যায়। সেয়েহে প্ৰতি ৫ মিনিটৰ অন্তত হাত দুখন পৰিষ্কাৰ কৰা অত্যন্ত জৰুৰী। এক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য মতে লকডাউন আৰু সামাজিক দূৰত্বৰ অবিহনে ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা অধিক ৰূপে দেখা যায়।
 
চিকিৎসক গৰাকীয়ে কয় যে  এনে সময়ত মাছ মাংস খোৱাৰ পৰা বিৰত থকা ,ফলমূল  আৰু বিশেষকৈ ভিটামিন চি জাতীয়  পাচলি ফলমূল অধিকভাৱে খোৱাটো অতি প্ৰয়োজন। ভিটামিন চি য়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়াই তোলে।চাফ চিকুনতা বজাই ৰাখি, সামাজিক দূৰত্ব মানি চলি ঘৰতে থাকক। সুৰক্ষিত থাকক। নিজৰ লগতে আনৰো জীৱন বচাওক।

Comments (0)
Add Comment