অসমৰ কণমাণিৰ বিদেশত অধিনায়কৰ দায়িত্ব

কথাতেই কয় প্ৰতিভা থাকিলে যিমানো বাধাৰ প্ৰাচীৰ নাথাকক কিয় এদিন নহয় এদিন সকলো বাধাৰ প্ৰাচীৰ মষিমূৰ কৰি প্ৰতিভাই শ্ৰেষ্ঠতা দেখুৱাবলৈ সক্ষম হয়। এজন কণমাণি, তেঁওৰ নাম চন্দন বড়ো। উল্লেখযোগ্য যে অতিশয় দৰিদ্ৰ পৰিয়ালৰ চন্দন বড়োৱে স্ব- প্ৰতিভাৰ বলত সুদুৰ জাৰ্মানীলৈ ফুটবলৰ প্ৰশিক্ষণৰ বাবে যাবলৈ সক্ষম হৈছে। স্মৰ্তব্য যে ইতিমধ্যে জাৰ্মানীৰ চি এছ জি হোফেনহেইম চেমেনীয় দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছে।

আচলতে চন্দন বড়োৰ দৃঢ় মানসিকতা আৰু ফুটবলৰ প্ৰতি থকা আকৃষ্টতাৰ আপাহতে এনেদৰে এদিন অস অসম ভিত্তিত হোৱা বাচনি শিবিৰলৈ যোৱাৰ বাবে সুযোগ পাইছিল। তেওঁ ফুটবলৰ আদিপাঠ শিকিছিল চমেওৱেল বসুমতাৰীৰ ফুটবল একাডেমীত।

ইতিমধ্যে চন্দনে সুদুৰ জাৰ্মানীলৈ প্ৰশিক্ষণৰ বাবে গৈছে। চন্দন বড়োৰ প্ৰতিভাই বিশ্ব জয় কৰক আমাৰ থাকিল বহু শুভকামনা।

এই খবৰটো সংগ্ৰহ কৰাত আমাক সহযোগ কৰিলে ওডালগুৰিৰ হৰিশিঙাৰ পৰা ধনঞ্জয় ৰামচিয়াৰীয়ে।

Comments (0)
Add Comment