অসম আৰোগ্য নিধিলে আগবঢ়ালে ৪লাখ টকা

দেশজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰণা ভাইৰাছক প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা অসম আৰোগ্য নিধিলৈ ৪ লাখ টকাৰ দান  আগবঢ়াইছে পলাশবাৰী বৰকুছিৰ তপন মালীয়ে।
 
যোৱা ২১ এপ্ৰিলত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি তেখেতৰ হাতত ৪ লাখ টকাৰ চেক প্ৰদান কৰে। উল্লেখ্য যে যুৱ ব্যৱসায়ী মালীয়ে বিগত সময়ছোৱাত অঞ্চলটোৰ বিভিন্ন সামাজিক উন্নয়ন মূলক কামত সহায়ৰ হাত আগবঢ়ায় আহিছে। তেওঁৰ এই মহানুভৱতাক অঞ্চলটোৰ ৰাইজে শলাগ হৈছে।
খবৰ যুগুতালে জিতু মণি দাসে..

Comments (0)
Add Comment