অসম জাতীয় মহাসভাৰ তৰফৰ পৰা ডা০ জয়ন্ত বিশ্ব শৰ্মাক ভকত -বান্ধৱ কল্যাণ নৰতনু অনুপাম অমৃত বঁটা, প্ৰদীপ হাজৰিকাক সত্ৰ বন্ধু বঁটা আৰু বাণীকান্ত কাকতি ভাষা বিকাশ বঁটা ড০ সাৱড়মল সাংগানেৰিয়াক প্ৰদান

বট্ৰদোৱা থানৰ নৈমিত্তিক নামপ্ৰসংগৰে সেৱায়িত ভকতৰ বাবে আৰম্ভ হ’ল স্বাস্থ্য কল্যাণ অভিযান। অসম জাতীয় মহাসভাৰ উদ্যোগত অসম স্বাস্থ্য সেৱা সমবায় সমিতি আৰু বটদ্ৰৱাৰ থান পৰিচালনা সমিতিৰ সহযোগত আজি বটদ্ৰৱা থানৰ নিত্য নৈমিত্তিক নামপ্ৰসংগত নিমজ্জিত ২৫ ভকত বৈষ্ণৱৰ বাবে আজিৰে পৰা আৰম্ভ হ’ল স্বাস্থ্য কল্যাণ অভিযান। বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ পৰ্যটন নিৱাসত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই স্বাস্থ্য কল্যাণ অভিযান শুভাৰম্ভ কৰে অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ অধ্যক্ষ ডা০ জয়ন্ত বিশ্ব শৰ্মাই। অসম জাতীয় মহাসভাৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত উপস্থিত থাকি অসম চৰকাৰৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ সমিতিৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই সংকটপূৰ্ণ অৱস্থাত থকা অসমীয়া সত্ৰ সমূহৰ অৱক্ষয় বৰ্ননা দি, ৰোগ হোৱাৰ আগতে প্ৰতিৰোধ কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰে। সভাতে অসম জাতীয় মহাসভাৰ তৰফৰ পৰা ডা০ জয়ন্ত বিশ্ব শৰ্মাক ভকত -বান্ধৱ কল্যাণ নৰতনু অনুপাম অমৃত বঁটা, প্ৰদীপ হাজৰিকাক সত্ৰ বন্ধু বঁটা আৰু বাণীকান্ত কাকতি ভাষা বিকাশ বঁটা ড০ সাৱড়মল সাংগানেৰিয়াক প্ৰদান কৰি হয়৷ গুৰু জনাৰ জন্মস্থান বটদ্ৰৱা থানৰ পৰ্যটন নিবাসত অনুষ্ঠিত অনুষ্ঠানটোৰ আঁতধৰে সদৌ অসম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ইন্দ্ৰমোহন বৰুৱাই।অনুষ্ঠানটোৰ লগত সংগতি ৰাখি গুৰুজনাৰ জন্মস্থানৰ বটদ্ৰৱা নৰোৱা সত্ৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী আৰু শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তক বিশেষভাৱে সম্বৰ্দ্ধনা‌ জনোৱা হয়।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment