অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত ঘৰে ঘৰে ত্রিৰংগা কাৰ্যসূচী ৰূপায়ন              

দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি উদযাপিত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে মহানগৰীৰ লংকেশ্বৰস্থিত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় কৰ্তৃপক্ষই আজি স্থানীয় লংকেশ্বৰ-গাড়ীগাওঁ অঞ্চলটোৰ ঘৰে ঘৰে গৈ জনসাধাৰণৰ মাজত সজাগত সৃষ্টি কৰাৰ লগতে ঘৰে-ঘৰে ত্ৰিৰংগা কাৰ্যসূচী উদযাপন কৰে । এই উপলক্ষে আজি গাড়ীগাঁৱৰ কেইবাগৰাকীও প্ৰবীণ নাগৰিকৰ স্ব-গৃহলৈ গৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জাতীয় পতাকা আৰু বন্দে মাতৰম বেজ প্ৰদান কৰে । মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ ক্ৰমে ৰঞ্জন পাটোৱাৰী , পলাশ জ্যোতি বৰুৱা , গৌতম ঠাকুৰীয়া , নৱজ্যোতি শৰ্মা, দীপক মেধি আৰু দেৱেশ দাসে প্ৰবীণ নাগৰিক অভিযন্তা-চিত্ৰশিল্পী নাৰায়ণ দাস , সাহিত্যিক নৰেন দাস,  সঙ্গীতশিল্পী ভোলাৰাম দাস , শিক্ষাবিদ ড০ ধীৰেন্দ্ৰ নাথ দাস আৰু সৰোবালা দাসক মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্ভাষণ জনোৱা হয়। 
             

Comments (0)
Add Comment