অসম সন্তানৰ সাফল্য

বৃট্ৰিছ মিউজিয়ামৰ আন্তৰ্জাতিক কাৰ্য্যসূচীৰ বাবে নিৰ্বাচিত হৈছে অসম সন্তান পংকজ প্ৰতিম বৰদলৈ। যোৰহাটৰ কাছগড়ালৰ পংকজ প্ৰতিম বৰদলৈ ৰাষ্ট্রপতি ভৱনত শিক্ষা বিষয়া হিচাপে কৰ্মৰত হৈ আছে। জানিব পৰা মতে ২৪ খন দেশৰ প্ৰায় ১৯ প্ৰতিনিধিয়ে এই কাৰ্য্যসূচীত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে। সম্প্ৰতি দিল্লীৰ নিবাসী পংকজ প্ৰতিম বৰদলৈয়ে এক আছুতীয়া সাক্ষাৎকাৰত কয় যে ৩০ জুনত লণ্ডন অভিমুখে যাত্ৰা কৰিম। ফেল’ কাৰ্য্যসূচী ৪৫ দিন চলিব। ইয়াৰ জৰিয়তে মিউজিয়াম সংৰক্ষণৰ নতুন কথা শিকিবলৈ পাম। উল্লেখযোগ্য যে প্ৰতি বছৰে বৃট্ৰিছ মিউজিয়ামৰ তৰফৰ পৰা এনে কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে। স্বাভাৱিকতে এনে খবৰে সকলোকে আনন্দিত কৰি তুলিছে।

Comments (0)
Add Comment