আজিৰে পৰা আৰম্ভ হ`ল ডিষ্টাড`ন ৰেলসেৱা

অসম পৰ্যটনৰ নতুন মাত্ৰা সংযোজন কৰি আজি মুকলি হ’ল ডিষ্টাড’ন ৰেল সেৱা ।আজি পুৱা গুৱাহাটীৰ পৰা ৬ বাজি ৩৫ মিনিট হাফলঙলৈ এই ৰেলসেৱা আৰম্ভ হয়।অত্যাধুনিক প্ৰযুক্তি সন্নিবিষ্ট থকা ৰেলখনত আছে ৱাই ফাই ,চি চি টি ভি আৰু ফামাৰ এৰ্লামৰ সুবিধা।
এই ৰেল সেৱা আনুষ্ঠানিক ভাৱে মুকলি কৰি পৰ্যটন মন্ত্ৰী বিমল বৰাই কয় যে এইখন অসমত সকলো আছে।প্ৰকৃতিয়ে আমাক সকলো দিছে।হাফলং বাসীক অতিথি দেৱ ভৱ বাক্যশাৰী সৰোগত কৰি পৰ্যটকক আদৰি ল’ব লাগিব।আনহাতে অনুষ্ঠানত উপস্থিত থাকি সাংসদ কুইন ওজাই কয় যে উত্তৰ পূৱত ৰেলৰ সংখ্যা বৃদ্ধি কৰিব লাগিব।উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা হাফলংলৈ চলা এই ৰেলখন বিয়লি ৫ বজাত হাফলঙৰ পৰা গুৱাহাটীলৈ আহিব।ডিষ্টাড’ম ৰেলখনে প্ৰতি সপ্তাহৰ বুধবাৰ আৰু শনিবাৰে চলাচল কৰিব।

Comments (0)
Add Comment