আজিৰে পৰা কাৰ্য্যকৰী হ’ল অৰুন্ধতী স্বৰ্ণ আঁচনি

আ অলংকাৰ পিন্ধি কইনা সাজিবলৈ প্ৰত্যেকজনী ছোৱালীৰে এটা সপোন থাকে।কিন্তু সোণ ৰূপৰ জুই চাই দামে বহুতৰে এই সপোন বাস্তবায়িত নকৰে।আজিৰে পৰা বহুতৰে সেই সপোন পূৰ কৰিবলৈ “অৰুন্ধতী স্বৰ্ণ আঁচনি” কাৰ্যকৰী হ’ব।এই আঁচনিৰ জৰিয়তে এগৰাকী কইনাক চৰকাৰৰ তৰফৰ পৰা এতোলা সোণ দিয়া হ’ব।আজিৰ মহঙা দিনত এই আঁচনিয়ে পিতৃ-মাতৃৰ চিন্তা অলপ হ’লেও দূৰ কৰিব।ইয়াৰ বাবে বিয়াৰ পূৰ্বে কইনাগৰাকীয়ে পঞ্জীয়ন কৰিব লাগিব।এই বৰ্ষত কোনোবাই যদি বিয়াৰ কথা ভাবিছে,তেন্তে পলম নকৰি আপুনিও এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে।

Comments (0)
Add Comment